কাইলৈ পুৱাৰ পৰা ২৪ ঘণ্টাৰ বাবে গুৱাহাটী মহানগৰীৰ নাগৰিকে নাপাব পেট্ৰল-ডিজেল৷ কিয়নো এটা সংস্থাই শুকুৰবাৰৰ পৰা গুৱাহাটীত পেট্ৰল পাম্পসমূহ ২৪ ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰিছে৷ নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ এছোচিয়েচনে এই ঘোষণা কৰিছে। অইল কোম্পানীয়ে পৰিবহনকাৰীৰ সৈতে আৰু মজদুৰৰ সৈতে লগলাগি পেট্ৰল-ডিজেল হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছোচিয়েচনে বন্ধ ঘোষণা কৰিছে। ঘোষণা অনুসৰি গুৱাহাটী মহানগৰীস্থিত সকলো পেট্ৰল ডিপো শুকুৰবাৰৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ এছোচিয়েচনে কয় যে আমি যিমান তেল কোম্পানীক অৰ্ডাৰ দিও সেই তেলৰ পৰিমাণতকৈ বহু শ লিটাৰ পেট্ৰল-ডিজেল কমকৈ দিয়া হয়। ১২ হাজাৰ লিটাৰ তেল অৰ্ডাৰ দিলে ১১৫০০ বা ১১৬০০ লিটাৰ পেট্ৰল-ডিজেল দিয়া হয়। কিন্তু ১২ হাজাৰ লিটাৰ ধন আদায় লয় কোম্পানীয়ে। যাৰ বাবে ডিলাৰসমূহ যথেষ্ট বিপদত পৰিছে। বিষয়টো কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক বাৰে বাৰে অৱগত কৰা হৈছে যদিও তেল কোম্পানী আৰু উপায়ুক্তই গুৰুত্ব প্ৰদান নকৰাৰ ফলত তেল কোম্পানীসমূহৰ বিৰুদ্ধে এই বন্ধ ঘোষণা কৰিছে এছোচিয়েচনে৷ বন্ধ ঘোষণা কৰি সমস্যাৰ সমাধান দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত যদি দাবী মানি নলয় তেন্তে ১৬ মে’ৰ পৰা অনিৰ্দিষ্টকাললৈ পেট্ৰল ডিপোসমূহ বন্ধ ৰখাৰ হুংকাৰ দিয়ে৷