মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাব কাশ্মীৰ ফাইল নামৰ ছবিখন৷ মন্ত্ৰী-বিধায়কৰ সৈতে PVR, City Centreত ৬.৩০ বজাত মুখ্যমন্ত্ৰীয়ে চাব চিনেমাখন৷ মন্ত্রী-বিধায়কক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাব ‘The Kashmir Files’। কাশ্মীৰি পণ্ডিতৰ ওপৰ হোৱা অত্যাচাৰ আৰু পালয়ন বিষয়ক লৈ কৰা ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছে৷ ১৫ মার্চত খ্ৰীষ্টানবস্তিৰ চিটি চেণ্টাৰত পি.ভি.আৰ চিনেমা হল নকৈ সাজু কৰা হৈছে৷ সদৌ অসম চিনেমা হল মালিক সন্থাই চিনেমাখন কৰমুক্ত কৰিবলৈ দাবী জনাইছে। বহু ৰাজ্যত চিনেমাখনৰ আমোদকৰ প্ৰত্যাহাৰ কৰিছে। ৯০ৰ দশকত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা হত্যালীলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা চলচিত্ৰখনত অভিনয় কৰিছে অনুপমখেৰ আৰু মিঠুন চক্ৰৱৰ্তীয়ে অভিনয় কৰিছে৷