কাইলৈৰ পৰা নাহৰকটীয়া ৰাঙলী কলিয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত আৰম্ভত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশনখন। ইতিমধ্যে অধিৱেশনস্থলিত লাখ লাখ ভকতৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰ হৈছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। সংঘৰ ধৰ্মধ্বজা ভাগি গায়ন বায়ন আৰু হৰি নামেৰে ডিব্ৰুগড় জিলা শাখাৰ কাৰ্যালয়ৰ পৰা অধিৱেশন স্থলিলৈ অনা হৈছে। নাহৰকটীয়া ৰাঙলী কলিয়াপানী পথাৰত ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়াবাসীৰ সহযোগত উদযাপন কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশন। যাৰ বাবে উৎকন্ঠাৰ অন্ত নাই ভকতসকলৰ লগতে উদযাপন সমিতিৰ। অধিৱেশন স্থলিত থকা মূল মণ্ডপ, শিৱিৰ, সেৱাবাহিনীৰ শিৱিৰ, বিশেষ প্ৰতিনিধি শিবিৰ, নাটঘৰ আৰু ১০ হাজাৰ ভকতে বহিব পৰাকৈ নিৰ্মাণ কৰা ভোজনালয়ৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। ২৭ ফেব্ৰুৱাৰীত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে উত্তোলন কৰিব ধৰ্মধ্বজা৷ বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ পৰা গায়ন বায়ন আৰু দিহা নামেৰে আদৰি আনি অধিৱেশন স্থলিত থকা অস্থায়ী নামঘৰত ৰাখিব উদযাপন সমিতিৰ লগতে ভকত বৈষ্ণৱসকলে। অধিৱেশনৰ বাবে সংঘৰ ৫৪ খন জিলা শাখাৰ শতাধিক ভকত-বৈষ্ণৱ আৰু সেৱাবাহিনীৰ কৰ্মীসকল অধিৱেশন স্থলিত উপস্থিত হৈ এতিয়া হৰি নামেৰে মুখৰিত কৰিছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। মুঠৰ ওপৰত গুৰুজনাৰ গুনানুকীৰ্তনে এতিয়া দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰ হৈছে নাহৰকটীয়া ৰাঙলী কলিয়াপানী পথাৰ।