কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত আজি মুখ্যমন্ত্ৰীয়ে কলিয়াবৰৰ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা ৰঙালী বিহুৰ উপহাৰৰ টোপোলাসমূহ আজি বিতৰণ কৰা হয়। ৫৭ গৰাকী বিশিষ্ট ব্যক্তিক উপহাৰৰ টোপোলা আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই। ৰঙালী বিহুৰ শুভেচ্ছা হিচাপে আগবঢ়োৱা বিশেষ টোপোলাত এখন বিহুৱান, এখন পত্ৰৰ লগত এখন অসমীয়া চেলেং আছে৷ মন্ত্ৰী কেশৱ মহন্তই নিজ হাতেৰে উপহাৰৰ টোপোলা দিয়াত বিভিন্নজনে মুখ্যমন্ত্ৰীৰ লগতে কেশৱ মহন্তক আৰ্শীবাদ পদান কৰে।