কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাঃ কলিয়াবৰৰ চতিয়ালত ট্ৰাক আৰু টাটা মোবাইলৰ মাজত মুখামুখি সংঘৰ্ষ। জখলাবন্ধা দিশৰ পৰা নগাঁও অভিমুখে চবজি লৈ গৈ থকা এখন ট্ৰাক আৰু নগাঁৱৰ দিশৰ পৰা জখলাবন্ধা কণী লৈ গৈ থকা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ লাগে৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দ খাৱৈত বাগৰি পৰে বাহন দুখন। ফলত বহু সময় ধৰি ট্ৰাকত আবদ্ধ চালক। দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ AS-17-C-5407 আৰু টাটা মোবাইলখনৰ নম্বৰ AS-21-AC-0711৷ জানিব পৰা মতে, ট্ৰাকখনত চালকসহ দুজন ব্যক্তি থকাৰ লগতে টাটা মোবাইলখনত দুগৰাকী ব্যক্তি আছিল। ট্ৰাকখনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে টাটা মোবাইলৰ লোক দুজনো আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীত উপস্থিত হৈছে কলিয়াবৰ আৰক্ষী।