কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাঃ নগাঁও জিলা অধিবিদ্যা পৰিষদৰ ২৭ তম দ্বি-বাৰ্ষিক অধিবেশন আজি কলিয়াবৰ মহকুমাৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্বত থকা অধিবিদ্যা পৰিষদৰ আমবাগান অধিবেশনত জিলাখনৰ মুঠ ১৮৭গৰাকী বিদ্যালয় প্ৰধানে অংশগ্ৰহণ কৰে। ক’ৰোনা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেইমাহমান দেৰিকৈ অনুষ্ঠিত হোৱা দ্বি-বাৰ্ষিক অধিবেশনতে এখন নতুন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। অধিবেশনৰ মুকলি সভাত ‘শিক্ষা সমীক্ষা’ নামৰ পৰিষদৰ আলোচনী উন্মোচন কৰা হয়। নগাঁও জিলা অধিবিদ্যা পৰিষদৰ ২৭তম অধিবেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, কলিয়াবৰৰ নিৰ্বাচনী বিষয়া ভূপালি কাশ্যপ৷