কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাঃ আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনে বিশ্ব পৰিবেশ দিৱস পালন কৰে৷ বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই। ‘শ্যামলী কলিয়াবৰ’ শীৰ্ষক প্ৰকল্পৰ জড়িয়তে ১৫ মিনিটতে ১ লাখ গছ পুলি ৰোপন কৰা হয়৷ কুঁৱৰীটোল গান্ধী পথাৰত অনুষ্ঠিত বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি যুৱ নাট্যকাৰ মণি হাজৰিকাৰ পৰিচালনা কৰা এখন বাটৰ নাটক অনুষ্ঠিত কৰে। পুৱা ১০-৪৫ মিনিটৰ পৰা ১১ বজাৰ ভিতৰত কলিয়াবৰৰ সমূহ পঞ্চায়ত ও কাৰ্যালয়সমূহত গছপুলি ৰোপণ কৰে। কলিয়াবৰ পূৱ পূৱথৰীয়া গাঁও পঞ্চায়তত দেখা পোৱা গ’ল উলহ মালহৰে গছপুলি ৰূপন কৰিবলৈ ওলাই আহিল কণ কণ শিশু, পুৰুষ-মহিলা। কলিয়াবৰ মহকুমা প্ৰশাসন, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ উদ্যোগত অনুষ্ঠানৰ শ্যামলী অনুষ্ঠানৰ শলাগ লয় কলিয়াবৰবাসীয়ে।