ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ কলকাতাত আজি এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। গুলীচালনাত এগৰাকী মহিলাসহ দুজন লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, বাংলাদেশৰ উপ উচ্চ আয়োগৰ বাহিৰত এজন আৰক্ষী জোৱানে গুলীচালনা কৰাৰ ফলত এগৰাকী মহিলা বাইক আৰোহী নিহত হয়। ইয়াৰ পিছত আৰক্ষী জোৱানজনে নিজকে গুলীয়াই আত্মহত্যা কৰে। এই ঘটনাৰ পিছত শীৰ্ষ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়।
কলকাতাস্থিত বাংলাদেশ উপ উচ্চ আয়োগৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত পাৰ্ক চাৰ্কাছত এই ঘটনা সংঘটিত হয়। ঘটনাটোৰ পিছত স্থানীয় লোকসকল আতংকিত হৈ পৰে। স্থানীয় লোকসকলৰ মতে, এজন আৰক্ষী জোৱানে তেওঁৰ বন্দুক উলিয়াই জধে-মধে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। জোৱানজনৰ গুলীয়ে এগৰাকী মহিলা বাইক আৰোহীৰ শৰীৰত আঘাত কৰে আৰু মহিলাগৰাকীৰ মৃত্যু ঘটে। আৰক্ষী জোৱানজনে পিছত নিজকে গুলীয়াই আত্মহত্যা কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাংলাদেশৰ উপ উচ্চ আয়োগৰ কাৰ্যালয়ত নিৰপত্তাৰক্ষী হিচাপে নিয়োজিত আৰক্ষী জোৱানজনে প্ৰায় ১০-১৫ ৰাউণ্ড গুলী চালনা কৰিছিল।