ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন প্ৰণৱ মুখাৰ্জী শাৰীৰিক অৱস্থা অধিক জটীল হৈ পৰিছে৷ অত্যাধিক সংকটজনক অৱস্থালৈ গৈছে প্ৰণৱ মুখাৰ্জীৰ অৱস্থা৷ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতে হাওঁফাওঁৰ সংক্ৰমণৰ ফলত শাৰীৰিক অৱস্থাৰ অত্যাধিক অৱনতি হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ৷ বৰ্তমান কোমাত আছে প্ৰণৱ মুখাৰ্জী৷
প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী বৰ্তমানেও বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে৷ শেহতীয়াকৈ হাওঁফাওঁ সংক্ৰমণ আৰু ৰেনাল্ড ডিছফেণ্টিৰ চিকিৎসা চলিছে মুখাৰ্জীৰ৷ গভীৰ ভাৱে সংকটজনক অৱস্থাত ভেণ্টিলেটৰৰ সমৰ্থনত ৰখা হৈছে৷
দিল্লীস্থিত সেনাৰ আৰএনআৰ হস্পিতাল কৰ্তৃপক্ষই প্ৰণৱ মুখাৰ্জীৰ শাৰীৰিক অৱস্থাৰ কোনো সলনি হোৱা নাই বুলি কোৱাৰ লগতে অৱনতি হোৱা বুলি জানিবলৈ দিছে৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ভেণ্টেলেটৰৰ সহায়ত চিকিৎসাধীন হৈ আছে৷ দিল্লীস্থিত সেনাৰ হস্পিতাল আৰএনআৰ কৰ্তৃপক্ষৰ মতে সংকটজনক অৱস্থাত ভেণ্টেলেটৰৰ সহায়ত ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী৷ শুকুৰবাৰে পুৱা পৰ্যন্ত প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যজনিত অৱস্থাৰ পৰিবৰ্তন হোৱা নাই৷
পূৰ্বৰ দিন কেইটাৰ দৰেই অতি গুৰত্বপূৰ্ণ স্থিতিত ভেণ্টেলেটৰৰ সহায়ত ৰখা হৈছে মুখাৰ্জীক৷ কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে স্বাস্থ্যৰ দিশ পৰ্যবেক্ষণ কৰি থকাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জী সংকটজনক বুলি দিল্লীস্থিত সেনাৰ আৰএনআৰ হস্পিতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে৷
যোৱা ১০ আগষ্টত ৮৩ বছৰীয়া মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল চিকিৎসকৰ দলে৷ অস্ত্ৰোপচাৰ সফল ভাৱে সম্পন্ন হোৱাৰ পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু অৱস্থা সংকটজনক হৈ পৰে৷ তাৰ লগে লগে ক’ৰোনা পজিটিভ ধৰা পৰাৰ পিছতে অত্যাধিক দুৰ্বল হৈ পৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুৰ্খাজী৷ ফলত ভেণ্টিলেচনত ৰাখিবলগীয়া হয় ভাৰতৰত্ন মুখাৰ্জীক৷