নাজিৰাঃ কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন কৰিছে অসমৰ এগৰাকী জীয়ৰীয়ে। পপী হাজৰিকা হৈছে অসমৰ প্ৰথম গৰাকী মহিলা ভাৰোত্তোলক যিয়ে এই যোগ্যতা অৰ্জন কৰিছে |
শিৱসাগৰ নামতিৰ পপীৰ হাজৰিকাই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰহ ৰাজ্য খনলৈ।
শিৱসাগৰ জিলাৰ নামতি হালকাঠনী গাঁৱৰ দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা পপীয়ে নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ ব্যায়ামাগাৰত ভাৰউত্তোলনৰ আদিপাঠ আৰম্ভ কৰিছিল||
বিগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত পদক অৰ্জনেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনিছে|
শেহতীয়াকৈ কমনৱেলথ গেমছত অংশ লোৱাৰ বাবে বাৰ্মিঙহামত প্ৰস্তুতি চলাই থকা পপী হাজৰিকাই এক ভিডিঅ বাৰ্তা যোগে তেওঁৰ অসমৰ দুজন প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰা আৰু দুলজিত বৰুৱা দুয়োকে ধন্যবাদ জনোৱাৰ লগতে অসমবাসীৰ আশীৰ্বাদ বিচাৰে।