মঙলদৈঃ ৰাজ্যৰ তিনি জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে অসম বিধানসভাত গৃহীত কৰা হয় বিধেয়ক। কোচ ৰাজবংশীসকলৰ বাবে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ, মৰাণ জনগোষ্ঠী আৰু মৰাণ স্বায়ত্ব শাসিত পৰিষদ আৰু মটক জনগোষ্ঠীৰ বাবে মটক স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাৰ লগে লগে এই তিনি জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ পথ প্ৰশস্ত হয়৷
কোচ ৰাজবংশীসকলক প্ৰদান কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিৰোধীতা কৰে জনগোষ্ঠীটোৰ একাংশ দল-সংগঠনে৷ শুকুৰবাৰে মঙলদৈ চিলাৰাই ভৱনৰ সন্মুখত দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ-ছাত্ৰ সন্মিলনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিৰোধীতা কৰে। দীৰ্ঘ দিন ধৰি কোঁচ ৰাজবংশীসকলৰ জাতীয় সংগঠনে কোচ-ৰাজবংশী সম্প্ৰদায়ক জনজাতিকৰণ কৰিবলৈ বাৰে বাৰে দাবী জনাই আহিছিল৷
কিন্তু বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধিয়ে কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লগতে ৬ জনগোষ্ঠীক জনজাতি কৰা হ’ব বুলি কৈ আহিছিল যদিও মূৰকত কোচ-ৰাজবংশীক বিভাজনৰ ৰাজনীতি কৰি স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি কণা হাঁহক পতান দিয়াৰ লেখীয়া কৰিলে বুলি কয় প্ৰতিবাদকাৰীসকলে। মঙলদৈ চিলাৰাই ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিলিপি দাহ কৰি পৰবৰ্তী সময়ত এই পৰিষদ গঠনৰ বিৰোধিতা কৰি তীব্ৰ আন্দোলন কৰি যাব বুলি ঘোষণা কৰে দৰং জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু দৰং জিলা যুৱ-ছাত্ৰ সন্মিলনীয়ে৷