March 25, 2023, 1:40 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগীৰ বাবে সংৰক্ষণ নথকাক লৈ তীব্ৰ ক্ষোভ নাথ যোগী ছাত্ৰ সন্থাৰ

Reporter Name
  • Update Time : Thursday, September 3, 2020
  • 97 Time View

কোকৰাঝাৰঃ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ ,পাহাৰ -ভৈয়ামৰ জয়গান গাই সকলো জাতি জনগোষ্ঠীৰ নিমিত্তে সমতা – উন্নয়নৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰকৃততে এগৰাকী মিথ্যাচাৰী আৰু জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টিকাৰী মুখ্যমন্ত্ৰী হিচাপে বুৰঞ্জীত খোদিত হৈ থাকিব । তেনে এজন মুখ্যমন্ত্ৰীৰ হাতত অসমখন মুঠেও সুৰক্ষিত নহয় আৰু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক শাসনৰ পৰা উৎখাত কৰাৰ বাবে অসমৰ ৪২ লাখ নাথ যোগী জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে যুঁজ দিব। এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।
আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে মুখ্যমন্ত্ৰীক মিথ্যাচাৰী আৰু জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টিকাৰী আখ্যা দি কয় যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী সকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সতে কেবালানি বৈঠক অনুষ্ঠিত হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে কাৰ্যত একোৱেই নকৰিলে। যোৱা ১চেপ্টেম্বৰৰ দিনাও মুখ্যমন্ত্ৰীৰ সতে নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু উক্ত বৈঠকত আশ্বাস প্ৰদান কৰিছিল যদিও কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী সকলৰ বাবে কোনোধৰণৰ আসন সংৰক্ষণৰ ব্যৱস্থা নকৰিলে। অথচ প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদীয় এলেকাত নাথ যোগী সকলৰ জনসংখ্যা কোচ ৰাজবংশীসকলতকৈ কোনোগুণে কম নহয় । প্ৰায় ৫০ শতাংশ নাথ যোগী জনসংখ্যাৰে ভৰপুৰ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী সকলক বঞ্চনা কৰা হৈছে। ইয়াৰোপৰি উক্ত প্ৰস্তাৱিত এলেকাত বসৱাস কৰা গৰিয়া মৰিয়া, সংখ্যালঘূ মুছলমান তথা আন জনগোষ্ঠীৰ বাবেও কিঞ্চিতমানো ভৱা নহ’ল বুলি মন্তব্য কৰি নাথ যোগীসকলক কৰা এই লাঞ্চনা-বঞ্চনাৰ পৰিনাম আগন্তুক নিৰ্বাচনত বিজেপিয়ে ভূগিব লাগিব বুলি স্পষ্ট কৰি দিয়ে অৰবিন্দ নাথে। সমতা আৰু সমঅধিকাৰৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী সকলে কেনেদৰে সমতা আৰু সমঅধিকাৰ লাভ কৰিব সেয়া স্পষ্ট কৰি দিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অৰবিন্দ নাথে কয় যে মুখাৰ আঁৰৰ মুখখন খুলি দিবলৈ এইবাৰ তেওঁলোক বদ্ধপৰিকৰ হৈছে। একো এটাই কঠোৰ সিদ্ধান্ত লব নোৱাৰা অসম -অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে যোৱা পুতলাৰ দৰে মুখ্যমন্ত্ৰীয়ে আকৌ ভেটি মাটিৰ কথা কয় বুলি তীৰ্যক মন্তব্য প্ৰকাশ কৰি অৰবিন্দ নাথে কয় যে তেনে এজন মুখ্যমন্ত্ৰীক গাদীৰ পৰা ওফৰাবলৈ এইবাৰ অসমৰ ৰাইজ সজাগ হৈছে। নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বিপৰীতে ৰাজহুৱা স্বাৰ্থক আগস্থান দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী জনগোষ্ঠীৰ অধিকাৰ বিচাৰি অচিৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন দাখিল কৰা হব বুলি স্পষ্ট কৰি দিয়ে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে