বঙাইগাঁওঃ বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত থকা প্ৰশান্তি ল’জত অস্থায়ী ভাবে কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ প্ৰশাসনিক কাম কাজৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কৰা হয়৷ ৷
কে এ চিৰ মু্খ্য পৰিষদীয় সদস্য গোকুল বৰ্মন, কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু বিজনী বিধান সভা সমষ্টিৰ বিধায়ক গৰাকীয়ে যৌথ ভাবে ফিটা কাটি কে এ চিৰ সচিবালয় ভৱন মুকলি কৰে ৷
কে এ চি ক সচিবালয় টো মুকলি কৰি মু্খ়্য পৰিষদীয় সদস্য গোকুল বৰ্মনে কয় জাতিটোৰ ইমান দিনৰ আন্দোলনৰ ফলত জনগোষ্টীটোৰ উন্নয়নৰ স্বাৰ্থত কিছু আশা দেখা গৈছে ৷ জনগোষ্টীটোৰ আৰু কে এ চিৰ উন্নয়নৰ বাবে সকলো কাম কাজ কৰি যাব বুলি উল্লেখ কৰি ইয়াত বসবাস কৰা সকলো লোকৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য প্ৰদান কৰে ৷ ইপিনে বিজনী সমষ্টিৰ বি জে পি দলৰ বিধায়ক অজয় ৰয় আজি এই সচিবালয় উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকি এই অঞ্চলৰ অভাৱ অভিযোগ সমূহ এটিয়াৰ পৰা দূৰ হব আৰু উক্ত অঞ্চলৰ উন্নয়নত কাম কাজ কৰি যাবলৈ অনুৰোধ কৰে ৷