March 28, 2023, 10:31 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ক’ভিডত আক্ৰান্ত হ’ল মন্ত্ৰীৰ দেহৰক্ষী, বিপদমুক্ত অতুল বৰা

Reporter Name
  • Update Time : Tuesday, July 7, 2020
  • 155 Time View

গোলাঘাটঃ গোলাঘাটত এইবাৰ কভিডত আক্ৰান্ত হ’ল মন্ত্ৰীৰ দেহৰক্ষী । জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰে জানিব পৰা মতে ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগত থকা এজন দেহৰক্ষীৰ দেহত  আজি কভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

কালি মন্ত্ৰী অতুল বৰা সহ তেওঁৰ লগত থকা সকলো নিৰাপত্তা ৰক্ষী ,গাড়ী চালক,অন্যান্য সহযোগীৰ লগতে গোলাঘাট আবৰ্ত ভৱনৰ কৰ্মচাৰী সকলৰ স্বাৱ সংগ্ৰহ কৰিছিল জিলা স্বাস্থ্য বিভাগে ।এই মুঠ ৩৬ টা স্বাৱ ফলাফলত আজি মন্ত্ৰী অতুল বৰাৰ কভিড নিগেটিভ অহাৰ লগতে অন্যান্য সহযোগী সকলৰো ফলাফল নিগেটিভ আহিছে ।

কিন্তু ইয়াৰ মাজতে এজন দেহৰক্ষীৰ স্বাৱ ৰিপৰ্ট পজিটিভ আহে । জিলা স্বাস্থ্য বিভাগে লগে লগে আক্ৰান্ত দেহৰক্ষীজনক গোলাঘাট কভিড হস্পিটেললৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰিছে। আক্ৰান্ত দেহৰক্ষীজন কেনেকৈ সংক্ৰমিত হ’ল সেয়া এতিয়াও স্বাস্থ্য বিভাগ নিশ্চিত হোৱা নাই । ইফালে আজি গোলাঘাট জিলাত মন্ত্ৰীৰ দেহৰক্ষীজনকে ধৰি মুঠ ১০ জন লোকৰ দেহত কভিড-১৯ ভাইৰাছ ধৰা পৰিছে ।

ইয়াৰ ভিতৰত ৯ গৰাকী লোকেই বহিঃৰাজ্যৰ পৰা অহা বুলি জানিব পৰা গৈছে । আক্ৰান্ত লোক কেইজন দিল্লী আৰু চেন্নাইৰ পৰা আহি বোকাখাট, সৰুপথাৰৰ  আৰু গোলাঘাটত কোৱাৰেন্টাইন হৈ আছিল । আনহাতেদি,বৰ্তমানলৈকে জিলাখনত মুঠ ৫৯৪ গৰাকী লোকৰ দেহত কভিড ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ।

ইয়াৰে বৰ্তমান ৫৪ জন ৰোগীহে চিকিৎসালয়ত  চিকিৎসাধীন হৈ আছে । তাৰে ভিতৰত ৪৯ গৰাকী গোলাঘাট কভিড হস্পিটেলত, ৪ গৰাকী কহৰা মডেল হস্পিটেলত আৰু ২ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড হস্পিটেলত চিকিৎসাধীন হৈ আছে । আনহাতেদি, বৰ্তমানলৈকে জিলাখনৰ ৫৪০ গৰাকী কভিড আক্ৰান্তই আৰোগ্য লাভ কৰি ঘৰলৈ ওভতি গৈছে ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে