বজালীঃ ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি, সাহিত্যিক, আবৃতিকাৰ, লেখক এলেক্স ডি ফিগোৰ ৩০ সংখ্যক গ্ৰন্থ ‘ব্লেছিংচ’ আজি উন্মোচন কৰা হয়। ইৰাজী আৰু অসমীয়া ভাষাত উন্মোচন কৰা গ্ৰন্থখনৰ উন্মোচনী সভাত অংশগ্ৰহণ কৰে বজালীৰ বিশিষ্ট নাগৰিক জনাৰ্দন দাস, বিশিষ্ট সাহিত্যিক তথা প্ৰসিদ্ধ অনুবাদক ড০ ভৱেশ পাটগিৰী, সাংস্কৃতিক কৰ্মী ভূপেশ খাটনিয়াৰ¸ চিত্ৰশিল্পী দিপাংক শৰ্মা আৰু প্ৰকাশক ধনজিৎ কৃষ্ণ পাঠকে।
কাব্য গ্ৰন্থখনিৰ উন্মোচন কৰে বজালীৰ বিশিষ্ট নাগৰিক জনাৰ্দন দাসে। গ্ৰন্থ উন্মোচনী সভাত সুসাহিত্যিক এলেস্ক ডি ফিগোৱে ভাষণ প্ৰদান কৰি কয় যে আধুনিক যুগত গ্ৰন্থৰ অধ্যয়ন হ্ৰাস পোৱা বুলি কোৱাটো শুদ্ধ নহয়। বৰং বৰ্তমান সময়ত গ্ৰন্থৰ অধ্যয়ন বৃদ্ধিহে পাইছে। তেওঁৰ নতুন কাব্য সংকলনখন লকডাউনৰ সময়তে লিখি উলিওৱা বুলি মন্তব্য কৰে লেখকগৰাকীয়ে।
পাঠশালাৰ নিৱাসী লেখক এলেক্স ডি ফিগোৰ পূৰ্বে প্ৰকাশিত ‘যোদ্ধা’, ‘ফুটা নাওত হিটলাৰ আইকমেন ইত্যাদি’, ‘পঞ্চাশ পইচাৰ এটা প্ৰেমৰ গল্প’, ‘বাবুল মামৰ সাধু’, ‘অকণি আকাশ’, ‘ইন্দ্ৰধনু’, ‘আলিবাটৰ আপোন মানুহ’ আদি গ্ৰন্থই পাঠক সমাজৰ পৰা অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ জীৱনী গ্ৰন্থ, ৰতন লহকৰৰ ওপৰত লিখি উলিওৱা ‘লং মাৰ্চ’ লেখক গৰাকীয়ে লিখা কেইখনমান জীৱনীমূলক গ্ৰন্থৰ নাম। এলেক্স ডি ফিগোৱে অসমীয়াৰ লগতে ইংৰাজী ভাষাতো সমানেই সাহিত্য চৰ্চা কৰি আহিছে।