বোকাজানঃ বাৰিষাৰ পানীৰে ওফন্দি থকা কপিলী অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে কপিলীৰ পানীত ডুব গৈ সলিল সমাধি ঘটা হাতী পোৱালিটোৰ মৃতদেহ নিশাৰ ভাগত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি এলেকাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই সাধাৰণ লোকৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। পৰহি নিশাও বনৰীয়া হাতীৰ এটা বৃহৎ জাকে এলেকাটোত প্ৰবেশ কৰি খেতি-বাতি নষ্ট কৰি উপদ্ৰৱ কৰি কৃষক ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰে।
পুৱাৰ ভাগত স্থানীয় ৰাইজে হাতীৰ বৃহৎ জাকটো কপিলী নৈ পাৰ কৰি খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও নৈৰ সিপাৰে হোজাই জিলাৰ পৰা স্থানীয় লোকসকলে হাতীৰ জাকটোক পুনৰ খেদি পঠিওৱাত নিৰুপায় হাতীৰ জাকটোৱে পুনৰ কপিলী নদী পাৰ হৈ পশ্চিম কাৰ্বি আংলংত প্ৰবেশৰ চেষ্টা কৰে। এনে অৱস্থাতে কালি পুৱা প্ৰায় ৯ বজাত জাকটোৰ মাজত থকা এটা পোৱালি হাতী নৈৰ সোঁতত বুৰ গৈ শোকাৱহভাৱে মৃত্যু হয়।
ইফালে হাতীৰ পোৱালিটোৰ সলিল সমাধি ঘটাৰ বাতৰি লাভ কৰি স্থানীয় আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়হি যদিও হাতীৰ জাকটোৱে উক্ত স্থান এৰি নোযোৱাৰ ফলত হাতী পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰাত সমস্যাৰ সৃষ্টি হয়। হাতী পোৱালিটোক কেন্দ্ৰ কৰি হাতীৰ জাকটোৱে প্ৰদৰ্শন কৰা এনে আচৰণে এক শোকাকূল পৰিবেশৰো সৃষ্টি কৰে।
অৱশেষত নিশাৰ ভাগত হাতীৰ জাকটোৱে উক্ত স্থান ত্যাগ কৰাৰ পিছতহে পানীৰ পৰা হাতীৰ পোৱালিটো উদ্ধাৰ কৰি সমাধিস্থ কৰা হয়। উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি জনবসতিপূৰ্ণ এলেকাত প্ৰবেশ কৰা হাতীৰ জাকে স্থানীয় লোকৰ বিস্তৰ কৃষিভূমি, উৎপাদিত শস্য আদি বিনষ্ট কৰি আহিছে। হাতী-মানুহৰ এনে সংঘাতৰ ফলত খাদ্য-শস্যৰ লগতে কেইবাজনো লোকেও বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছে।