March 27, 2023, 2:30 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কপালত ফোঁট, গেৰুৱা কাপোৰ পিন্ধি কুস্তিঃ বিশ্বত চৰ্চিত শিৱৰ ভক্ত ৰিংকু সিং ওৰফে বীৰ মহন কোন?

Reporter Name
  • Update Time : Saturday, May 7, 2022
  • 87 Time View

বিশ্বৰ জনপ্ৰিয় পেছাদাৰী কুস্তি কোম্পানী ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট চমুকৈ ডব্লিউডব্লিউইত অংশ লোৱা ভাৰতৰ আন এগৰাকী খেলুৱৈ খুব চৰ্চাত৷ গ্ৰেট খালিৰ পিছতে ৰিংকু সিঙ ওৰফে বীৰ মহনে ডব্লিউডব্লিউইত ভাৰতৰ নাম উজলাই তুলিছে। উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ বাসিন্দা ৰিংকুৱে জেভেলিন থ্ৰো আৰু বেছবলত আশ্চৰ্যকৰ প্ৰদৰ্শন কৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে কুস্তিত এতিয়া বিদেশৰ মাটিত ব্যাপক চৰ্চিত হৈছে।

জেভলিন থ্ৰোয়িংৰে কেৰিয়াৰ আৰম্ভ কৰিছিল ৰিংকু সিঙে৷ বেছবলৰ জৰিয়তে টকা উপাৰ্জন কৰিছিল৷ পিছত ডব্লিউডব্লিউইত অংশ ল’বলৈ আমেৰিকালৈ যায়৷ এতিয়া কুস্তিৰ এইখন জগতত বিস্ময়কৰ প্ৰদৰ্শন কৰি বিশ্বৰ এগৰাকী শীৰ্ষৰ পাৰদৰ্শি হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ডব্লিউডব্লিউইত জনপ্ৰিয়তা অৰ্জন কৰা খালিৰ পিছত দ্বিতীয় ভাৰতীয় খেলুৱৈ ৰিংকু৷ ৰিংকু ডব্লিউডব্লিউইত ২০১৮ চনৰ পৰা সক্ৰিয় হৈ আছে৷ কিন্তু কিছু সময়ৰ বাবে বিৰতি লোৱাৰ পিছতে পুনৰ প্ৰত্যাৱৰ্তন কৰি প্ৰথমখন খেলতে ৰে-মিষ্ট্ৰিঅ’ আৰু পুত্ৰক ধৰাশয়ী কৰে। ফলত সামাজিক মাধ্যমত ব্যাপক চৰ্চালৈ আহে৷

ৰিংকু জনপ্ৰিয় হোৱাৰ কাৰণটো হ’ল শৰীৰৰ গঠন, দীঘল চুলি, দাড়িৰ আৰু কপালৰ তিলক। ক’লা কাপোৰ বা গেৰুৱা কাপোৰ পিন্ধি কুস্তিত অংশ লোৱা ৰিংকু ভগৱান শিৱৰ মহান ভক্ত।

ৰিংকুৱে শৰীৰত বহু টেটু আঁকি লৈছে। আটাইতকৈ বিশেষ টেটুটো হ’ল মাকৰ। মাকক বুকুত ডাঙৰকৈ আঁকিছে। এই টেটুটোৱে ব্যক্তিত্বক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

ৰিংকু সিং ৰাজপুত সম্প্ৰদায়ৰ৷ ১৯৮৮ চনৰ ৮ আগষ্টত উত্তৰ প্ৰদেশৰ ভাদোহী জিলা হলপুৰ গাঁৱত জন্ম। এজন পেছাদাৰী মল্লযোদ্ধা হোৱাৰ উপৰিও এজন প্ৰাক্তন পেছাদাৰী বেছবল খেলুৱৈ।

ৰিংকু সিঙে ২০০৮ চনত বেছবলৰ প্ৰতিভা সন্ধান অনুষ্ঠান ‘দ্য মিলিয়ন ডলাৰ আৰ্ম’ত অংশগ্ৰহণ কৰি জেভলিন দলিওৱাৰ অভিজ্ঞতা লাভ কৰিছিল। কিন্তু ইয়াৰ পূৰ্বে কেতিয়াও বেছবল খেলা নাছিল৷ শক্তিশালী শৰীৰ আৰু গতিৰ বাবে প্ৰতিভা প্ৰদৰ্শন কৰি প্ৰতিযোগিতাত জিকিছিল। বেছবলত কেৰিয়াৰ গঢ়িবলৈ আমেৰিকালৈ যায়। ২০০৯ চনৰ পৰা ২০১৬ চনলৈ বিশ্বজুৰি বহু লীগত অংশগ্ৰহণ কৰে।

ৰিংকু সিঙৰ পিতৃ ব্ৰহ্মডেন সিঙ ট্ৰাক চালক আছিল। ৰিংকুৱে সৰু থাকোতে গাঁৱৰ কিছু লোকে বৰ্শা দলিয়াই৷ গাঁৱৰ লোকে দলিওৱা বৰ্শা তুলি অনা কাম কৰিছিল। লাহে লাহে ৰিংকুৱেও অনুশীলন আৰম্ভ কৰে। কেইদিনমানৰ পিছত উন্নত প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে৷

চাৰিজন ভাতৃৰ ভিতৰত কনিষ্ঠ ৰিংকুৰ ওচৰত বৰ্শা কিনিবলৈ টকা নাছিল। ট্ৰাকৰ পুৰণি ৰড গলাই পাঁচ কিলোগ্ৰামৰ জেভলিন নিজেই প্ৰস্তুত কৰি অনুশীলন আৰম্ভ কৰে। ইয়াৰ পিছতে আজিৰ বীৰ মহনে জেভলিন থ্ৰোত জুনিয়ৰ নেচনেলছত পদক লাভ কৰে।

ৰিংকুৱে ২০১৮ চনত বেছবল এৰি মল্লযুদ্ধত মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে। ২০১৮ চনত ডব্লিউডব্লিউইত যোগদান কৰে। প্ৰাৰম্ভিক পৰ্যায়ত ৰিংকু ডব্লিউডব্লিউইত ৰিংকু নামেৰে বিখ্যাত আছিল। তাৰ পিছতে ডব্লিউডব্লিউইত আন কেইবাগৰাকী খেলুৱৈৰে এটা দল গঠন কৰে। বীৰ মহনৰ নেতৃত্বৰ দলটোৱে একেৰাহে বহু মেচ জিকে। কেইটামান কাৰণত ২০২১ চনত দলটোৰ সৈতে পৃথক হয় বীৰ মহন। ডব্লিউডব্লিউইৰ সৈতে সংযুক্ত হৈ সুকীয়াকৈ খেলি নিজকে বীৰ গ্ৰেট নাম দিয়ে।

ৰিংকুৱে পুনৰ ৰিঙলৈ উভতি অহাৰ পিছতে ডব্লিউডব্লিউইৰ কোনো মল্লযোদ্ধা দুই মিনিটো তিষ্ঠি থাকিব পৰা নাছিল। বীৰ মহনে যোৱা তিনি সপ্তাহত তিনিজন মল্লযোদ্ধাক ভায়বহভাৱে পৰাস্ত কৰিছে। ১১৯ ছেকেণ্ডত ৰে-মিষ্ট্ৰিঅ’ৰ পুত্ৰ ডেমিনিক মিষ্ট্ৰিঅ’, ১১০ ছেকেণ্ডত জেফ ব্ৰুকছ আৰু মাত্ৰ ৩৬ ছেকেণ্ডত ছেম চামাদাৰ্ছক নক আউট কৰে।

ৰিংকু ভগৱান শিৱৰ এজন মহান ভক্ত হিচাপে জনাজাত। ইনষ্টাগ্ৰাম একাউণ্টত শিৱ পূজাৰ বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে৷ যিয়ে স্পষ্ট কৰে যে ভগৱান শিৱৰ ভক্ত। ফটো সমূহত প্ৰায়ে শিৱৰ পূজা কৰা দেখা যায়।

জেভেলিন থ্ৰো, বেছবল আৰু কুস্তিত আশ্চৰ্যকৰ কাম কৰা ৰিংকুৱে ধনুৰ্বিদ্যাতো দক্ষ। এটা ভিডিঅ’ত শ্বুটিং দক্ষতা প্ৰদৰ্শন কৰি থকা দেখা যায়।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে