আম আদমী পাৰ্টীয়ে পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছতে কেইবাঞখনো ৰাজ্যত দলৰ স্থিতি সবল কৰিবলৈ উঠি-পৰি লাগিছে৷ গুজৰাট, হিমাচল প্ৰদেশত আম আদমী পাৰ্টয়ে দলীয় কাম আৰম্ভ কৰিছে৷ দুদিন পূৰ্বে গুজৰাটত আম আদমী পাৰ্টীয়ে ৰেলী উলিয়াইছিল৷ ৰেলী উলিওৱাৰ পিছতে এগৰাকী আপ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷ গুজৰাটৰ গান্ধীনগৰৰ আপ নেতা যুৱৰাজ সিংহ জাদেজাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷ আৰক্ষী লোকক আক্ৰমণ কৰাৰ অভিযোগত উঠিছিল৷ এজন কনিষ্টবলক গাড়ীৰ বনেটত টানি নিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। জাদেজাৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩৩২ আৰু ৩০৭ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷