গুৱাহাটী মহানগৰীত মহানগৰ আৰক্ষীয়ে পত্নী-সন্তান বাইকত থকাৰ সময়তে আৰোহীক আৰক্ষীয়ে মাৰধৰ কৰাৰ এইটো ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ সময়ত কণমানি সন্তান আৰু পত্নী বাইকত বহি আছিল। আৰক্ষীয়ে লোকজনক প্ৰহাৰৰ সময়ত কণমানি আৰু পত্নীসহ বাইক বাগৰি পৰিছিল যদিও দুয়ো ৰক্ষা পৰে৷ কিন্তু এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃৃষ্টি হৈছে৷ ৰাজ্যত আৰক্ষীৰ গুণ্ডাগিৰী কৰাৰ অভিযোগ উত্থাপন কৰি ঘটনাৰ উচিত তদন্ত কৰাৰ দাবী জনাই৷ ছ’চিয়েল মিডিয়াত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ সময়তে অভিযুক্ত আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদক শীঘ্ৰে নিলম্বনৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ মহানগৰ আৰক্ষীক এই নিৰ্দেশ দিছে ভাস্কৰজ্যোতি মহন্তই৷ শুকুৰবাৰে হঠাতে তীব্ৰ তালাচী চলাই থকাৰ সময়তে আৰক্ষী আৰু এগৰাকী বাইক আৰোহীৰ মাজত হতাহতিৰ সৃষ্টি হয়। বাইক আৰোহীক প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলজনে। বাইক আৰোহীও আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল। এগৰাকী মহিলা আৰু এটি কণমানি শিশুও আছিল বাইকখনত। আৰক্ষী আৰু আৰোহীজনৰ প্ৰথম অৱস্থাত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল যদিও পিছলৈ মাৰপিটৰ ৰূপ লয়। আৰক্ষী কনিষ্টবলজনে প্ৰহাৰ কৰে বাইকৰ ওপৰত উঠি থকা লোকজনক। ফলত বাইকৰ পৰা বাগৰি পৰে কণমানি শিশুৰ লগতে বাইকখনত থকা মহিলাগৰাকী। জানিব পৰে মতে, বাইক আৰোহীজনে ৰাস্তা কিছু সময় ব্লক কৰি ৰাখিছিল। যান-বাহন আৰক্ষীৰ কনিষ্টবল ফকৰুদ্দিন আহমেদৰ শেহতীয়াকৈ ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে৷