আজি ইউপিএছচিৰ ফলাফল ঘোষণাৰ পিছতে অসমলৈ ভাল খবৰ কঢ়িয়াই আনিছে কেইবাগৰাকী মেধাই৷ সৰ্বভাৰতীয় পৰীক্ষাত কঠোৰ পৰিশ্ৰম কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দেশৰ ভিতৰতে ৫০৬ সংখ্যক স্থান দখল কৰিছে অসম কন্যা শিল্পা খনিকৰে৷ কঠোৰ অধ্যাৱসায়, একাগ্ৰতা আৰু সাধনাৰে যে প্ৰাপ্তিৰ ইপ্সিত লক্ষ্যত উপণীত হৈছে মেধাৱী সন্তানগৰাকীয়ে৷ আন এগৰাকী অসম সন্তান দেৱজ্যোতি বৰ্মনে সৰ্বভাৰতীয় পৰীক্ষাত কঠোৰ পৰিশ্ৰম কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ পশ্চিমবংগত বসবাস কৰা দেৱজ্যোতি বৰ্মনে ৬৩৯ তম স্থান লাভ কৰিছে৷ আনহাতে বৰাকৰ চাহ জনগোষ্ঠীৰ যুৱতী উত্তীৰ্ণ হৈছে ইউপিএছচিত৷ পাথাৰকান্দিৰ বিধায়ক বিধায়ক কৃষ্ণেন্দু পলে ফেচবুকত দিয়া পোষ্ট মতে, বৰাকৰ হাইলাকান্দিৰ লালা বজাৰৰ আয়ুশী কালৱাৰে ইউপিএছচিত স্থান দখল কৰিছে৷ আয়ুশী কালৱাৰে ৬১৮তম স্থান দখল কৰিছে৷