March 30, 2023, 4:33 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

Reporter Name
  • Update Time : Saturday, January 28, 2023
  • 17 Time View

গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ৰ ড০ সূৰ্য কুমাৰ ভূঞা পুথিভঁৰালৰ উদ্যোগত যোৱা ২৭ জানুৱাৰীত ছুৰ্ডমাৰ্চন প্ৰেক্ষাগৃহত অসমৰ প্ৰসিদ্ধ ইতিহাসবিদ, লেখক আৰু শিক্ষাবিদ ড০ সূৰ্য কুমাৰ ভূঞাৰ ১২৯ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে ‘অসমৰ প্ৰসিদ্ধ নৱন্যাসিক প্ৰতিভা ড° সূৰ্য কুমাৰ ভূঞাঃ কৃতি আৰু কৃতিত্ব – এক অৱলোকন’ শীৰ্ষক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ, লেখক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰ জ্যোতি চৌধুৰীয়ে। ভাষণত চৌধুৰীয়ে ড° সূৰ্য কুমাৰ ভূঞাৰ বহুমুখী প্ৰতিভাৰ প্ৰসংগত ভূঞাই অসমৰ ভাষা, সাহিত্য আৰু বিশেষকৈ অসমৰ ইতিহাস চৰ্চালৈ আগবঢ়োৱা অমূল্য বৰঙণিৰ সন্দৰ্ভত আলোকপাত কৰে। মনোগ্ৰাহী আৰু তথ্যপূৰ্ণ ভাষণটিত ড° চৌধুৰীয়ে কটন বিশ্ববিদ্যালয়ৰ ড° সূৰ্য কুমাৰ ভূঞা পুথিভঁৰালে লোৱা উদ্যোগৰ শলাগ লয়। অনুষ্ঠানটি পৰিচালনা কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক ড° সুৰেশ কুমাৰ নাথে। অনুষ্ঠানটিৰ আৰম্ভণিতে ড° সূৰ্য কুমাৰ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। অনুষ্ঠান উপলক্ষে ‘সূৰ্য’ শীৰ্ষক এখনি চুটি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ড° সূৰ্য কুমাৰ ভূঞাৰ জীৱন আৰু কৰ্ম বিষয়ক তথ্যচিত্ৰখনিৰ ধাৰণা আৰু চিত্ৰনাট্য ড° সুৰেশ কুমাৰ নাথৰ। চিত্ৰনাট্যখনিৰ নিৰ্দেশনা আৰু পৰিচালনা ৰজত কমল বঁটা বিজয়ী পৰিচালক দীপ ভূঞা আৰু ধাৰাভাষ্য বিৱৰণী কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ সহকাৰী অধ্যাপিকা ড° চয়নিকা দত্তৰ। ব্যৱস্থাপনা আৰু চিত্ৰগ্ৰহণত সহায় কৰিছে ৰূপক বৰাই। অনুষ্ঠানটিত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণত ড° সূৰ্য কুমাৰ ভূঞাৰ বিশাল অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে, ড° সূৰ্য কুমাৰ ভূঞাৰ দৰে কৰ্মযোগী আৰু প্ৰতিভাশালী বিদ্বানসকলেই আধুনিক অসমৰ ভেটি সুদৃঢ় কৰি গৈছে আৰু অসমীয়া জাতিক দিক্-নিৰ্দেশনা প্ৰদান কৰিছে। সভাত অসমীয়া বিভাগৰ অধ্যাপক ড° মহেশ্বৰ কলিতায়ো চমু বক্তব্য প্ৰদান কৰে। বক্তৃতানুষ্ঠানৰ পাছতেই ‘ড° সূৰ্য কুমাৰ ভূঞাৰ জীৱন আৰু কৃতি আৰু অসমৰ ইতিহাস সম্পৰ্কীয় সাধাৰণ জ্ঞান’ বিষয়বস্তুৰ ভিত্তিত এখনি সদৌ অসম ভিত্তিক মুকলি প্ৰাইজমানী কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনি পৰিচালনা কৰে অসমীয়া প্ৰতিদিন কাকতৰ উপ-সম্পাদক দিলীপ শৰ্মাই। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই পুথিভঁৰালৰ সহকাৰী গ্ৰন্থগাৰিক শ্যামন্ত বড়োৱে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে