কামপুৰৰ পৰা ৰূপজ্যোতি ভুঞাঃ আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কচুৱা প্ৰেছ ক্লাবে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। বৃক্ষ ৰোপণ কাৰ্যসূচীৰ লগতে চাফাই স্বচ্ছ অভিযান চলাই সাংবাদিকসকলে। কাৰ্যসুচীত উপস্থিত থাকে কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলাম, কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাচানী, সমাজসেৱক নজৰুল ইছলামৰ লগতে কচুৱা প্ৰেছ ক্লাৱৰ সদস্য, গণ্য-মান্য উপস্থিত থাকে৷