বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইউপিপিএল, বিজেপি আৰু জিএছপিৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰে।ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে ইউপিপিএল দলৰ নেতা মণ্টু বড়োক প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ৮ জুনত ককলাবাৰীত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। মনোনয়ন দাখিলৰ অন্তিম দিন কাইলৈ তথা ২৩ মে’। মনোনয়ন পৰীক্ষাৰ বাবে ধাৰ্য ২৪ মে’। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মে’।
পুৱা ৭ঃ৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ। ১২ জুনত সমষ্টিটোৰ উপ-নিৰ্বাচনৰ ভোট গণনা। সমষ্টিটোৰ মুঠ ভোটাৰ ৭২,৪১৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৭৫৬ জন। মহিলা ভোটাৰৰ সংখ্যা ৩৬,৬৬০ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ পৰিমাণ সৰ্বাধিক ৭ লাখ টকা ধাৰ্য। ককলাবাৰী পৰিষদীয় নিৰ্বাচনৰ বাবে ৯৭টা ভোটকেন্দ্ৰ স্থাপন।