কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৯১৮নং কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মক (৪০) অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰৰ পৰা সন্ধানহীন বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ মৃতদেহ আজি মাগুৰমাৰীৰ নিকটৰ চেচাপানীৰ শালবাগানৰ পৰা উদ্ধাৰ হয়। হাত ভৰি বন্ধা, মূৰৰ পিছফালে ঘপিওৱা আৰু গুপ্তাংগত আঘাত কৰা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত হত্যাকাৰীয়ে যে অতি নৃশংসভাৱে শিক্ষকগৰাকীক হত্যা কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে বুধবাৰে পুৱা বজাৰ সমাৰ কৰি ঘৰত বজাৰৰ সা সামগ্ৰী থোৱাৰ পিছতেই বেৰ্লাও বাৰ্থাও ব্ৰহ্ম নিৰুদ্দেশ হয়। কাইলৈ বেৰ্লাও বাৰ্থাও ব্ৰহ্মই কইনা চাবলৈও যোৱাৰ কথা আছিল। বেংকৰ পৰাও দুইলাখ টকা উঠোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আজি ৰাতিপুৱা বিদ্যালয়ৰ চতুৰ্থ গোট মূল্যায়ন থকা হেতুকে সহকৰ্মীসকল বিদ্যালয়ত উপস্থিত হয় যদিও বিপাঙত পৰে। তেওঁলোকে প্ৰধান শিক্ষকৰ দুয়োটা মোবাইল চুইটছ অফ পোৱাত ঘৰত হাজিৰ হয়। তেতিয়াহে চাৰিওফালে হুৱাদুৱা লাগে আৰু ফকিৰাগ্ৰাম থানাত সন্ধানহীন হোৱা বুলি গোচৰ তৰে। আৰক্ষীয়ে আহি তদন্ত আৰম্ভ কৰে আৰু ইফালে স্থানীয় ৰাইজে সদলবলে সন্দেহজনক সকলোঠাইতে বিচাৰ-খোচৰ আৰম্ভ কৰে। জনপ্ৰিয় শিক্ষকগৰাকীক বিচাৰিবলৈ জাতি -ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহে আৰু বিয়লি শালবাগানৰ মাজত ক্ষতবিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে। হাত ভৰি বন্ধা, মূৰৰ পিছফালে গভীৰ আঘাত , গুপ্তাংগত আঘাত আদিকে ধৰি অবণৰ্ণীয় আঘাত-অত্যাচাৰৰ ৰূপ দেখি স্থানীয় জনতা হতচকিত হৈ পৰে। কোনে কি কাৰণত জনপ্ৰিয় শিক্ষকগৰাকীক হত্যা কৰিলে সেয়া স্পষ্ট নহয় যদিও হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সকলো দল সংগঠন নিৰ্বিষেশে একমত প্ৰকাশ কৰিছে। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাকাৰীক ধৰা পেলাবলৈ সম্ভৱপৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰি অতি সোনকালেই হত্যাকাৰী কৰায়ত্ব কৰা হব বুলি মত প্ৰকাশ কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে। আনহাতে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে অতি সোনকালে হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমুলক শাস্তিৰ পোষকতা কৰিছে। কোকৰাঝাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষক হত্যাক তীব্ৰ ভাষাৰে নিন্দা কৰি দোষীক কৰায়ত্বৰ দাবী তুলিছে।