নাজিৰাঃ কংগ্ৰেছ আৰু ইউডিএফৰ মিত্ৰতা সন্দৰ্ভত চৰ্চা চলি থকাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধ দলপতি দেৱব্ৰত শইকীয়াই৷ দেৱব্ৰত শইকীয়াই কয় যে আমি বিজেপি বিৰোধীসকলো পক্ষ একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰো। কংগ্ৰেছ দল হাইকামাণ্ডৰ পৰিচালনাত চলে, গতিকে মিত্ৰতা সম্বন্ধে জৰুৰী সিদ্ধান্ত সন্দৰ্ভত মোহৰ তেওঁলোকে লগাব।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসভৱনত অনুষ্ঠিত হোৱা দুখনকৈ পৃথক পৃথক সভা সন্দৰ্ভত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰু কয় যে সতীৰ্থ বিধায়ক কেইজনমানে তৰুণ গগৈৰ বাসভৱনত যিখন বৈঠক অনুষ্ঠিত কৰিছিল উক্ত বৈঠকত শইকীয়াক আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি কয়। যদিও উক্ত বৈঠকখনত উজনি অসমৰ বিধায়কসকলৰ মাজত হোৱা আলোচনাৰ কথা কোৱা আছিল৷ তাত ৰূপজ্যোতি কুৰ্মী, ৰজলীনা তিৰ্কী, দুৰ্গা ভূমিজ অনুপস্থিত আছিল বুলি কয় দেৱব্ৰত শইকীয়াই৷ শইকীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক দলীয় বৈঠকৰ বাবে নিমন্ত্ৰণ জনাইছিল বুলি কৈ উক্ত বৈঠকখনত AIUDFৰ জ্যেষ্ঠ কেইজনমান নেতাও উপস্থিত হৈছিল বুলি কয়।