দেশৰ ১৩টা প্ৰধান বিৰোধী দলে আজি এখন সংযুক্ত প্ৰেছ বিবৃতি জাৰি কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছ, টিএমচি, এনচিপিৰ দৰে ১৩টা দলে শেহতীয়াকৈ দেশত উদ্ভৱ হোৱা সাম্প্ৰদায়িক উন্মাদনাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে৷ ধৰ্মৰ নামত সমাজ ভাগ ভাগ কৰি ৰাজনীতিৰ মৌজোল খাই থাকিব বিচৰা শাসকীয় দলৰ বিৰুদ্ধে সৰৱ হয় তেৰটাকৈ দল। সাম্প্ৰাদায়িক উত্তেজনাৰ বিৰুদ্ধে চিন্তা ব্যক্ত কৰে ৰাজনৈতিক দলসমূহে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক ধিক্কাৰ দিয়ে দলসমূহে৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধী, এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডু মুখ্যমন্ত্ৰী এম.কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে সাম্প্ৰদায়িক হিংসাৰ ঘটনাৰ বাবে উদ্বেগ প্ৰকাশ কৰে। বিবৃতি যোগে ১৩টা দলে কয় যে আমি প্ৰধানমন্ত্ৰীৰ নীৰৱতাত হতবাক৷ যিসকল কট্টৰ লোকৰ বাবে এনে পৰিবেশ উদ্ভৱ হৈছে সেইসকলৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদীয়ে এষাৰ মাত দিয়া নাই। কট্টৰ লোকৰ কথা আৰু কাৰ্যই সমাজত উত্তেজনাৰ সৃষ্টি কৰে। বিভেদকামী মতাদৰ্শৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।