গোৱালপাৰাঃ বিজেপিৰ সংখ্যলঘু মৰ্চাৰ গোৱালপাৰা জিলা সমিতিৰ প্ৰাক্তন সভাপতি নুৰজামাল ছিকদ্দাৰৰ স্বাস্থ্যৰ বুজ ললে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুকতাৰ হুছেইন খানে। সোমবাৰে মুকতাৰ হুছেইন খানে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন সভাপতিগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷
শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতিগৰাকী কংগ্ৰেছ কৰ্মীৰয়ে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হয়৷ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে নুৰ জামাল ছিকদ্দাৰ।
ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নৱ নিযুক্ত সম্পাদক আব্দুল ৰহিম জীব্ৰান আৰু গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ আবুবক্কৰ ছিদ্দিকক লগত লৈ ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুকতাৰ হুছেইন খানে নুৰ জামাল ছিকদ্দাৰৰ খবৰ লয়৷