March 18, 2023, 6:30 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুণ বৰাই যোগ দিব আপত, এই দাবী কৰিলে কোনে?

Reporter Name
  • Update Time : Wednesday, April 13, 2022
  • 116 Time View

কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই যোগ দিব আম আদমী পাৰ্টীত৷ এই দাবী কৰিছে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে৷ দুলু আহমেদে ফেচবুকত পোষ্ট দি এই দাবী কৰিছে৷ আজি দুপৰীয়া এটা ফেচবুক পোষ্ট যোগে দুলু আহমেদে এই দাবী কৰাৰ পিছতে ৰাজ্যৰ ৰাজানীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দুলু আহমেদে ফেচবুক পোষ্ট যোগে দাবী কৰি কয় ‘‘অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসমৰ জনপ্ৰিয় এই গৰাকী নেতাই অতি সোনকালে আম আদমী পাৰ্টিত যোগদান কৰাৰ উদ্দেশ্যে আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বক মালিগাঁৱৰ সঞ্জীবিনি হস্পিতালত লগ কৰাৰ ভিডিঅ’ মোৰ তাত আহি পৰিছে। উদ্দেশ্য কেৱল এটাই, যেনেতেনে অন্য ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হ’ব লাগে।’’ এই ফেচবুক পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আম আদমী পাৰ্টীত যোগদানৰ প্ৰচাৰ মিছা বুলি কয়৷ ৰিপুণ বৰাই ফেচবুক যোগেই প্ৰত্যুত্তৰ দি কয় ‘‘ছ’চিয়েল মিডিয়াত এজন ব্যক্তিয়ে মই আপত যোগদান কৰিম বুলি এক ভিত্তিহীন, পোষ্ট দিয়া মোৰ দৃষ্টি গোচৰ হৈছে। এই কথা সম্পূৰ্ণ অসত্য। মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান সৈনিক আৰু এই দলৰ প্ৰতি মই দায়বদ্ধ’’৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে