৫ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ বিসম্বাদ আৰম্ভ কৰাৰ সময়তে অসমৰ কংগ্ৰেছত দল এৰিব ধৰিছে নেতাই৷ অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই দল ত্যাগ কৰিছে। দলটোৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাই পদত্যাগ কৰিছে। কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীক এখন পত্ৰ লিখি দল-পদত্যাগৰ কথা অৱগত কৰিছে৷ পদত্যাগ পত্ৰত পদবীৰ লগতে পাৰ্থ প্ৰতিম বৰাই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো এৰিছে। নেতাগৰাকীয়ে ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা৷ কংগ্ৰেছত দলত থাকি সমাজ আৰু সাধাৰণ ৰাইজৰ বাবে কাম কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰিছে পদত্যাগ পত্ৰত।