৫ ৰাজ্যৰ নিৰ্বাচনত বিৰোধী দলসমূহে বেয়াকৈ পৰাস্ত হোৱাত পুনৰ সক্ৰিয় হৈ পৰিছে বিৰোধী দল৷ ইপিনে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদ-উল-মুছলিমিন চমুকৈ এআইএমআইএমৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেইবাটাও বিৰোধী দল৷ এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেছি বিজেপিৰ এজেণ্ট হিচাপে কাম কৰাৰ অভিযোগ আনিছে৷ বিহাৰৰ দৰেই উত্তৰ প্ৰদেশত বিজেপিৰ এজেণ্ট হিচাপে নিৰ্বাচন খেলি আছাদুদ্দিন ওৱেছি বিৰোধীক পৰাজিত কৰাৰ অভিযোগ আনিছে বিভিন্ন নেতাই৷
তাৰ মাজতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদ-উল-মুছলিমিনৰ তীব্ৰ বিৰোধ কৰিছে৷ এআইএমআইএমৰ সাংসদ ইমতিয়াজ জলিলৰ প্ৰস্তাৱৰ মুকলিকৈ বিৰোধিতা কৰিছে সাংসদ সঞ্জয় ৰাউতে৷ ইমতিয়াজ জলিলে কয় এআইএমআইএমক বিজেপিৰ ‘বি-দল’ নহয় আৰু এনচিপি-কংগ্ৰেছ মিত্ৰতাত যোগদান কৰিবলৈ সাজু। এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে বিজেপি আৰু এআইএমআইএমৰ মাজত গোপন মিত্ৰতা আছে। তেওঁলোক দুয়ো একেলগে আছে। এআইএমআইএম হৈছে বিজেপিৰ বি দল। আমি এআইএমআইএমৰ প্ৰস্তাৱ নাকচ কৰিছো। মহাৰাষ্ট্ৰত তিনিদলীয় চৰকাৰ আছে আৰু ইয়াত কোনেও আহিব নোৱাৰে।
ইয়াৰ পূৰ্বে, এআইএমআইএমৰ সাংসদ ইমতিয়াজ জলিলে মহাৰাষ্ট্ৰ চৰকাৰৰ এনচিপি নেতা আৰু কেবিনেট মন্ত্ৰী ৰাজেশ টোপেক সাক্ষাৎ কৰিছিল আৰু কৈছিল যে তেওঁৰ দলে এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়িবলৈ সাজু। নিৰ্বাচনত কংগ্ৰেছ আৰু এনচিপিৰ ভোট হ্ৰাস কৰাৰ বিষয়টোত ইমতিয়াজ জলিলে কয় যে তেওঁ কংগ্ৰেছ আৰু এনচিপিক মিত্ৰতাৰ প্ৰস্তাৱ দিছে যাতে এইটো স্পষ্ট হয় যে কাৰ সৈতে কোন আছে।
এআইএমআইএমৰ মহাৰাষ্ট্ৰ গোটৰ মুৰব্বী জলিলে শুকুৰবাৰে নিশা সাংবাদিকক কয় যে মোৰ মাৰ অসুস্থতাৰ বাবে মৃত্যু হোৱাৰ কেইদিনমান পিছত শুকুৰবাৰে মন্ত্ৰী টোপে মোক লগ পাইছিল। সদায় অভিযোগ কৰা হয় যে আমাৰ বাবে ভাৰতীয় জনতা পাৰ্টি জয়ী হয় মুছলমান ভোট বিভাজনৰ বাবে। এই অভিযোগ ভুল প্ৰমাণ কৰিবলৈ, মই টোপক প্ৰস্তাৱ দিছিলো যে আমি মিত্ৰতাৰ বাবে সাজু।