গুৱাহাটীঃ যোৱা ৭ মাহ ধৰি কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে৷ তিনিওগৰাকী নেতাই যোৱা কেইবাটাও দিনত জ্বৰ, চৰ্দি, গাৰ বিষ আদি ৰোগত আক্ৰান্ত হৈছে বুলি খোদ তেওঁলোকৰ অধিবক্তাসকলে উল্লেখ কৰি আহিছে৷ তাৰ মাজতে মঙলবাৰে অখিল গগৈৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এইআইএ আদালতে সাক্ষ্য লোৱাৰ কথা আছিল যদিও শাৰীৰিক অৱস্থা অত্যাধিক বেয়া হোৱাৰ ফলত কাৰাগাৰৰ কোঠাৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ বাবে ওলাই আহিব নোৱাৰিলে৷ আদালতত অখিল, বিতু আৰু ধৈৰ্যৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰাৰ লগতে উপযুক্ত চিকিৎসা নোপোৱা বুলি তেওঁলোকৰ অধিবক্তাসকলে আদালতত আৰ্জি দিয়ে৷
তাৰ পিছতে এনআইএৰ আদালতে তিনিওগৰাকী নেতাক উপযুক্ত চিকিৎসা কৰাৰ নিৰ্দেশ দিয়ে আৰক্ষীক৷ আৰক্ষীয়ে আদালতৰ নিৰ্দেশৰ পিছতে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক বুধবাৰে নিশা ১০ বজাত কাৰাগাৰৰ পৰা উলিয়াই আনি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ আনে৷ হস্পিতাললৈ আনি দুয়ো নেতাক ওৰে নাশাই হস্পিতালৰ চাদত থিয় কৰাই ৰখা বুলি জানিব পৰা গৈছে৷
ওৰে নিশা দুয়োগৰাকী নেতাই মহৰ কামোৰ খাই থাকিব লগা হৈছে৷ কিয়নো হস্পিতালত বিছনা খালি নাছিল৷ গুৱাহাটী মহানগৰীত নিতৌ পাঁচ শতাধিক লোক ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ ফলত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত হস্পিতালৰ বিছনাৰ অভাৱত ওৰে নিশা হস্পিতালৰ চাদত থিয় দি থাকিব লগা হয় দুয়ো নেতাই৷ আনহাতে পুৱাই দুয়োগৰাকী নেতাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷ বুধবাৰেই দুয়োগৰাকী নেতাৰ কোৱিড পৰীক্ষা কৰাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছিল৷ দুয়োগৰাকী নেতাৰ বৃহস্পিতবাৰে পুৱাই ক’ৰোনা পজিটিভ আহে৷ ইপিনে কৃষক নেতা অখিল গগৈৰো নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছে যদিও এতিয়াও ফলাফল দিয়া নাই স্বাস্থ্য বিভাগে৷