ওদালগুৰিঃ বিটিচিত বিগত কেইবাটাও দিনত নিৰাপত্তাৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখি মাতিত পুতি থোৱা বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বিটিচিৰ চাৰিওখন জিলাত নিৰাপত্তাৰক্ষীয়ে অস্ত্ৰ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ সময়তে মঙলবাৰে ওদালগুৰি জিলাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ।
অবৈধ অস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলি থকাৰ সময়তে পুনৰ অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ওদালগুৰিৰ নেপালপাৰা গাঁৱৰ ৰবৰ বাগিচাত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ৷ একে চিৰিজৰ ১৪ টা, এইচ কে ৩৩ এটা, এম১৬ এটা, এছএলআৰ এটাসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে৷
অবৈধ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে ওদালগুৰি সদৰ থানাত এক সংবাদমেল অনুষ্ঠিত কৰে বিটিএডিৰ আৰক্ষী মহানিৰ্দেশক ভায়লেট বৰুৱাই। বৰুৱাই অবৈধ মাৰনাস্ত্ৰৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত বৃহৎ পৰিমাণৰ অবৈধ মাৰানস্ত্ৰ উদ্ধাৰ হোৱাৰ কথা সদৰী কৰি ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত ওদালগুৰি আৰক্ষীয়ে অবৈধ মাৰনাস্ত্ৰৰ বিৰুদ্ধে চলোৱা সফল অভিযানক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, তৃতীয় বড়ো শান্তি চুক্তিৰ স্বাক্ষৰিত হোৱাৰ পিছতে বিটিচিৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ হৈ আহিছে৷ ওদালগুৰি আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে যদিও কোনো লোকক আটক অথবা গ্ৰেপ্তাৰ কৰিব পৰা নাই। অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ বিপৰীতে একোটাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি বিটিএডিৰ ডিআইজি ভায়লেট বৰুৱাই সংবাদমেলত সদৰী কৰে। ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ লগতে উপ-আৰক্ষী অধীক্ষক পহাৰী কোঁৱৰ সংবাদমেলত উপস্থিত থাকে।