ওদালগুৰিঃ যোৱা সোমবাৰে ওদালগুৰিত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত এবছু মানে ইউপিপিএল আৰু ইউপিপিএল মানে এবছু বুলি কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভৱিষ্যতে এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ হাগ্ৰামাক সকীয়নি প্ৰদান কৰিছে এবছুৰ সভাপতি দিপেন বড়োৱে।
আজি ওদালগুৰি জিলা এবছুৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি দিপেন বড়োৱে কয় যে হাগ্ৰামাৰ কোনো নতুনত্ব নাই। বিটিচি নিৰ্বাচনৰ পূৰ্বে হাতাশাত ভুগি তেওঁ এনে আবোল তাবোল বকিছে। ইফালে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিক ‘ভেলুলেছ’ বুলি কৰা মন্তব্যও গৰিহণাযোগ্য বুলি সংবাদমেলত কয় এবছুৰ সভাপতিগৰাকীয়ে।
আনহাতে অতি শেহতীয়াকৈ ওমেন জাষ্টিছ ফ’ৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে বিফিএফত যোগ দিয়া কাৰ্যকো সমালোচনা কৰে দিপেন বড়োৱে। অঞ্জলি দৈমাৰীয়ে শান্তি চুক্তি নসাৎ কৰি ব্যক্তিগত স্বাৰ্থৰ বাবে বিপিএফত যোগ দিয়া বুলি ক্ষুৰধাৰ সমালোচনা কৰে এবছুৰ সভাপতিগৰাকীয়ে।