জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ নামঘৰ, সত্ৰ, মন্দিৰ আদি ধৰ্মীয় অনুষ্ঠানত সঘনে চুৰি কাৰ্য সংঘটিত হৈ অহাৰ সময়তে জিলাখনৰ ৰাইদঙীয়াৰ আইভেটিস্থিত ঐতিহাসিক শ্ৰী শ্ৰী আইলক্ষ্মী থানত অনুৰূপ ঘটনা সংঘটিত হোৱাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আচলতে, ১৬৫৭ খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাতিবোৱাৰী আই কনকলতাই স্থাপন কৰা এই সত্ৰখনত কালি নিশা পৰে দুষ্কৃতিকাৰীৰ হাতোৰা৷ দুষ্কৃতিকাৰীয়ে মনিকূটৰ দুৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰি লুটপাত চলাই৷ আজি পুৱা নামঘৰীয়া পুৱাৰ নিত্য-নৈমিত্তিক কাৰ্যৰ বাবে নামঘৰলৈ অহাত নিশা চুৰি কাৰ্য সংঘটিত হোৱাৰ কথা পোহৰলৈ আহে ৷ লগে লগে এই খবৰ সৰ্বত্ৰে বিয়পি পৰাত উক্ত স্থানত স্থানীয় ৰাইজ সমবেত হৈ জাজৰি আৰক্ষীক খবৰ দিয়ে৷ পিছত জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত চলোৱাৰ পৰৱৰ্তী পৰ্যায়ত স্নিফাৰ ডগৰ সহায়ত চোৰৰ সন্ধান কৰে যদিও চোৰৰ কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে, উক্ত স্থানৰ সমীপৰ দহ ঘৰ লোকৰ গোসাঁই ঘৰতো একে নিশাই চোৰে লুটপাত চলাই নগদ ধন, শৰাই, তাল আদি চুৰি কৰি নিয়ে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে সোমবাৰে নিশাও ৰাইদঙীয়াৰ দুখন গাঁৱত চোৰে দুকুৰিৰো অধিক নামঘৰ আৰু গোঁসাই ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল৷ সেয়ে বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত মাত্ৰ দুটা দিনতে ডেৰ কুৰিৰো অধিক উপাসনাৰ থলীত চোৰে তাণ্ডৱ চলোৱাৰ বিপৰীতে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলাস্বৰূপটো উদঙাই দি এনেদৰে সঘনাই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা চুৰি কাৰ্যক লৈ চিন্তাশীল মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।