টীয়কঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষ শংকৰদেৱৰ আজি ৫৭২সংখ্যক জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰসমূহত উদযাপিত হৈছে গুৰুজনাৰ জন্মোৎসৱ। যোৰহাট জিলাৰ পূব প্ৰান্তৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মহাপুৰুষজনাৰ জন্ম জয়ন্তী।
পুৱাৰে পৰা হৰি নামৰ ধ্বনিত মুখৰিত বৰনামঘৰ প্ৰাংগণ। কোভিড প্ৰট’কল কঠোৰভাৱে বলবৎ কৰা বৰনামঘৰলৈ ভক্তৰ সমাগম তুলনামূলকভাৱে পূৰ্বৰ তুলনাত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। তৎসত্বেও অনুষ্টুপীয়াকৈ হ’লেও পুৱা ঊষা কীৰ্ত্তন, ভাগৱত ভ্ৰমণ, দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নামঘৰৰ পৰিবেশ।
লগতে মাধৱদেব গুৰুজনাই নিজে প্ৰজ্বলন কৰা অক্ষয় বন্তিৰ পৰা সকলোৰে মংগলৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। উল্লেখযোগ্য যে, অসম, ভাৰত তথা ভাৰতৰ বাহিৰৰ ভক্তসকলকো অনলাইন যোগে বৰনামঘৰৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।