ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বিসম্বাদ চলি থকাৰ সময়তে জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিব্বালৰ এটা টুইটে বিশেষ চৰ্চা লাভ কৰিছে৷ কেইবাগৰাকী কংগ্ৰেছ নেতাই নেতৃত্ব সলনি তথা স্থায়ী অধ্যক্ষ নিয়োগ কৰাৰ দাবী উত্থাপন কৰি থকাৰ সময়তে জ্যেষ্ঠ কংগ্ৰেছ নেতা চিব্বালে মঙলবাৰে টুইট কৰি কয় ‘‘এয়া কোনো পদৰ কথা নহয়, এয়া মোৰ দেশৰ বাবে৷ যিটো সকলোতকৈ গুৰুত্বপূৰ্ণ৷’’
সোমবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল৷ বৈঠকে ছোনীয়া গান্ধীক ৬ মাহৰ বাবে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যভাৰ চলাই যোৱাৰ মতত উপনীত হোৱাৰ সময়তে মঙলবাৰে কপিল চিব্বালে এটা টুইট কৰি নিজ দলকে আক্ৰমণ কৰিছিল৷ উল্লেখ্য যে, দলৰ নেতৃত্ব সলনি কৰাৰ দাবীত প্ৰায় ২০গৰাকী জ্যেষ্ঠ নেতাই ছোনীয়া গান্ধীক পত্ৰ লিখিছিল৷