গোলাঘাট জিলাৰ নাওঁজানৰ এগৰাকী কিশোৰী ১০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ১০ এপ্ৰিলৰ পৰা নাওজান বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ১৪ বছৰীয়া ৰশ্মি গড় নিৰুদ্দেশ হয়৷ গোলাঘাট জিলা নাওঁজানৰ ৰামলালৰ কন্যা ৰশ্মি গড় ১২ এপ্ৰিলত সপ্তাহিক বজাৰলৈ ওলাই গৈ ঘৰলৈ উভতি অহা নাই। যাৰ ফলত পৰিয়ালৰ লোক চিন্তাত সময় পাৰ কৰিছে৷ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ কোনো লোকে কিশোৰীৰ সম্ভেদ পালে ৭৩৫৬৩৮২৩১২ বা ৯৮৬৪৫০০৬৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালে। ৰশ্মি গড় সৰু হৈ থাকোতেই পিতৃৰ মৃত্যু হৈছিল। ফলত মোমায়েক তোলাৰাম গড়ে পঢ়াই-শুনাই ডাঙৰ দীঘল কৰাৰ দায়িত্ব লৈছিল।