নগাঁও, ৭ জুনঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানসমূহে সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ অসমীয়া মাধ্যমৰ বহুকেইখন বেচৰকাৰী শিক্ষানুষ্ঠানে সাফল্যৰ ধাৰা অব্যাহত ৰাখি এইবাৰো এশ শতাংশ উত্তীৰ্ণৰ হাৰে ঈৰ্ষণীয় ফলাফল দাঙি ধৰিছে। ইয়াৰে হাতীচোং শংকৰদেৱ বিদ্যা নিকেতনৰ পূৰ্বৰ বছৰৰ দৰেই এইবাৰো এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। এইবাৰ শিক্ষানুষ্ঠানখনৰ পৰা পৰীক্ষাত বহা মুঠ পছিশ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৮ শতাংশ নম্বৰ পাই নিলোৎপল বৰাই ডিষ্টিংচন আৰু ছয় গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে আন চৈধ্য গৰাকী বিভিন্ন বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম আৰু চাৰি গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় বুলি প্ৰধান আচাৰ্য তৰুলতা বৰা হাজৰিকাই জনাইছে৷ ঠিক সেইদৰে জাজৰি জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত বহা মুঠ আঠ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণৰে সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়৷ ইয়াৰে শৰ্মিষ্ঠা শৰ্মাই ডিষ্টিংচন তথা ছাহিল আচলাম আহমেদ আৰু ইৰফান ৰৌচনে ষ্টাৰ নম্বৰ লাভ কৰে বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফটেহ উদ্দিন আহমেদ আৰু সম্পাদক প্ৰবোধ মহন্তই জনাইছে।
তদুপৰি কপাহেৰা শংকৰদেৱ বিদ্যা নিকেতনৰ পৰাও বিগত বৰ্ষবোৰৰ দৰে এইবাৰো এশ শতাংশ উত্তীৰ্ণ হয়৷ এই শিক্ষানুষ্ঠানখনৰ পৰা মুঠ আঠাইছ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ ওঠৰ গৰাকীয়ে প্ৰথম, সাত গৰাকীয়ে দ্বিতীয় আৰু তিনি গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত মৃগাংক নাথ, মেঘনা বৰা, ইন্দ্ৰানী বৰা, দৰ্শনা দেৱী আৰু জন্মজিৎ নাথে ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে মৃগাংক নাথে উচ্চ গণিত আৰু মেঘনা বৰাই সাধাৰণ বিজ্ঞানত অসমৰ ভিতৰতে সৰ্ব্বোচ্চ এশকৈ নম্বৰ অৰ্জন কৰি অঞ্চললৈ গৌৰব কঢ়িয়াই আনিছে৷ ইফালে, অবিৰত সাফল্যৰে জিলিকি উঠিল ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়৷ ঘোষিত ফলাফলত এই শিক্ষানুষ্ঠানখনৰ পৰা এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে৷ বিদ্যালয়খনৰ পৰা পৰীক্ষাত বহা পোন্ধৰ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত দহ গৰাকী প্ৰথম আৰু পাঁচ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷ ইয়াৰে সাহিল হাচান আৰু হামিদ কাৰজানে ডিষ্টীংচন তথা মৌচিনা আক্তাৰা আলম, গুলজাৰ হুছেইন, আফচানা খাতুন আৰু মাচুদ আলমে ষ্টাৰ মাৰ্ক লাভ কৰে বুলি বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে জানিবলৈ দিছে৷ লগতে বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ সকলৰ ভিতৰত বিশাল বৰা, লক্ষ্য প্ৰতীম বৰা আৰু ময়ুখী বেজবৰুৱাই ডিষ্টিংচন, ছয় গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ বিপৰীতে আন তেৰ গৰাকীয়ে প্ৰথম, ষোল্ল গৰাকীয়ে দ্বিতীয় আৰু ন গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷
তদ্ৰুপ চমুৱাগাঁৱৰ ৰামধেনু জাতীয় বিদ্যালয়, ৰাইদঙীয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনেও আশানুৰূপ ফলাফলেৰে অঞ্চলবাসীক গৌৰাম্বিত কৰি তুলিছে৷ ইয়াৰ বিপৰীতে বেবেজীয়াৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্ত্তীণ হোৱা মুঠ পয়ত্ৰিছ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উনত্ৰিশ গৰাকী উত্তীৰ্ণ হয়৷ ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পাঁচ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত পূজা বৰাই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ একানব্বৈ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয়। গ্ৰামাঞ্চলবোৰৰ এনে ফলাফলত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে৷