কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অধিনত লুটুমাৰী বজাৰত বজাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ১৬-১৭ চনতে ৰহা সমষ্টিৰ লংজাপ পঞ্চায়তৰ এমএছডিপি আঁচনিৰ অধিনত ১৮ লাখ টকা ব্যয় সাপেক্ষে বজাৰ গৃহ নিৰ্মাণৰ বাবে আঁচনি ৰূপায়ন কৰিছিল সংশ্লিষ্ট বিভাগে৷ এটা বছৰৰ ভিতৰত বজাৰ নিৰ্মাণৰ কাম শেষ হ’ব লাগিছিল যদিও তিনি বছৰে নিৰ্মাণৰ কাম আধৰুৱা হৈ থাকিল। যাৰ কাৰণে বজাৰখনত স্থানীয় লোকে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে৷ অভিযোগ মতে, বিভাগে তদাৰক নকৰাত বজাৰ গৃহ আধৰুৱা হৈ থকাৰ লগতে দুৰ্নীতি সংঘটিত হৈছে৷