ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা প্ৰায় ৫ মহীয়া লকডাউনৰ অন্তত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ প্ৰস্তুতি চলাইছে সমগ্ৰ দেশ। বিগত ৫ মাহ ধৰি বন্ধ হৈ থকা টিভি চিৰিয়েল, ৰিয়েলিটী শ্ব’, চিনেমা আদিৰো দৃশ্যগ্ৰহণ এতিয়া আৰম্ভ কৰা হৈছে। শেহতীয়াকৈ টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ৰো দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছে। এই বিষয়ে ইনষ্টাগ্ৰামযোগে জানিবলৈ দিছে ৰিয়েলিটী শ্ব’টোৰ হোষ্ট বিগ বি অমিতাভ বচ্চনে।
ইনষ্টাগ্ৰামত কৌন বনেগা কড়োৰপতিৰ ১২ সংখ্যক চিজনৰ দৃশ্যগ্ৰহণৰ আলোকচিত্ৰ শ্বেয়াৰ কৰি অভিতাভ বচ্চনে লিখিছে, ‘পুনৰ কৰ্মজীৱনলৈ ঘূৰি আহিছো। এনে লাগিছে যেন আমি এতিয়া নীলৰঙী পি পি ই কীটৰ সমুদ্ৰৰ মাজত। কেবিচি ১২, ২০০০ চনত আৰম্ভ হৈছিল। আজি ২০২০ চন চলি আছে। ২০ বছৰীয়া এই যাত্ৰা, বিস্মিত হৈছো। এই যাত্ৰা জীৱনৰ বাবে।’
উল্লেখ্য যে, কোভিড-১৯ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠাৰ পিছতে বিগ বি অমিতাভ বচ্চনে আৰম্ভ কৰিছে কেবিচিৰ দৃশ্যগ্ৰহণ। তেওঁৰ দেহত ১১ জুলাইত কোভিড-১৯ ধৰা পৰিছিল। তাৰ পিছতে সেইদিনাই তেওঁ মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি হৈছিল। হাস্পতালত ২৩ দিনৰ চিকিত্সাৰ অন্তত যোৱা ২ আগষ্টত ঘৰলৈ উভতিছিল বিগ বি। আনহাতে অভিনেতা অভিষেক বচ্চনো আক্ৰান্ত হৈছিল কোভিড-১৯ত।