নাহৰকটীয়াঃজয়পুৰ বৰ্ষাৰণ্যৰ বাবে ভয়ংকৰ খবৰ। এনথৰক্স ৰোগত আক্রান্ত হৈ তিনিদিনত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু।জয়পুৰ বৰ্ষাৰণ্যৰ তৰাজান অঞ্চলত দুদিনৰ আগত এটা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ একে ঠাইতে আৰু এটা হাতীৰ মৃতদেহ লাভ কৰিছে বন বিভাগে।মৃত হাতীজনী প্ৰায় ১০ বছৰ বয়সীয়া পোৱালী মাখুন্দি বুলি পশু চিকিৎসকে জনাই।এনথৰক্স নামৰ এক সূচৰা ৰোগৰ চিকাৰ হৈ মৃত্যু হৈছে হাতীজনীৰ। চিকিৎসকৰ মতে পূৰ্বতে এই ৰোগত আক্ৰান্ত কোনো জীৱ জন্তু অথবা আক্ৰান্ত হৈ মৃত্যু মুখত পৰা কোনো জন্তুৰ মৃতদেহৰ স্পৰ্শলৈ অহা পানী বা ধূলিৰ পৰাও এই ৰোগ বিয়পাৰ আশংকা থাকে। জয়পুৰ বন বিভাগে মৃত হাতী কেইটাক বনবিভাগে পুতি থোৱাৰ পৰিবৰ্তে জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো চিকিৎসকে প্ৰকাশ কৰা মতে এই ৰোগত আক্ৰান্ত জীৱ জন্তুৰ মৃতদেহ পুতি ৰখাৰ ১০ বছৰ পিছতো ইয়াৰ অৱশিষ্ট পানী অথবা মাটিৰ সংস্পৰ্শত আহি অন্যান্য জীৱ জন্তু আৰু মানুহৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে।