March 27, 2023, 2:58 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

এদিম-ছেদিম বা…ধূলি-বালিত আপোন পাহৰা হৈ পৰিছে এজাক শিশু

Reporter Name
  • Update Time : Sunday, June 28, 2020
  • 272 Time View

সৰুপথাৰঃ কোৱিড-১৯ৰ প্ৰকোপৰ পৰা জনগণক ৰক্ষা কৰিবৰ বাবে চৰকাৰে লক-ডাউন ঘোষণা কৰাত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ আজিও বন্ধ হৈ আছে৷ শিক্ষানুষ্ঠান বন্ধ থকাত কণ কণ শিশুসকল ঘৰতে আৱদ্ধ হৈ পৰিছে৷ অধিকাংশ নগৰাঞ্চলৰ কণ কণ শিশুৱেই মোৱাইল, কম্পিউটাৰ, টিভি, ভিডিঅ’ গ্ৰেমত সময় পাৰ কৰিছে৷ অত্যাধিক মোৱাইল টিভি আদি ব্যৱহাৰে সন্তানৰ শাৰীৰিক-মানসিক ক্ষতিৰ আশংকা কৰিছে অভিভাৱকসকল৷

ইয়াৰ বিপৰীতে ক’ৰোনাকালত বিদ্যালয়ৰ পৰা আঁতৰত থকা গ্ৰাম্যাঞ্চলৰ শিশুসকলৰ মাজত দেখা গৈছে এক বিপৰীত দৃশ্য৷ যি দৃশ্য প্ৰত্যক্ষ কৰি আপুনিও হয়টো ঘূৰি যাব শৈশৱলৈ৷ আপোনাৰ-মোৰ শৈশৱ হয়তো পাৰ হৈছিল ধুলি বালিৰ মাজেতেই৷ কিন্তু এতিয়া সময় সলনি হ’ল৷ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পিঠিত উঠি ম’বাইল, কম্পিউটাৰ, টিভি, ভিডিঅ গেম আহিল৷

সমনীয়াৰ সৈতে ধুলি-বালিত খেলি পখিলা খেদা সময় এতিয়া নাপাই বুলিয়েই ক’ব পাৰি৷ প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ পিছতো মোবাইল, কম্পিউটাৰ বিহীন ভাৱে আজিও ধূলি-বালিত খেলিয়েই সময় পাৰ কৰিছে ধনশিৰি মহকুমাৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ বহু শিশুৱে৷ বিদ্যালয় বন্ধৰ বাবে এজাক শিশু ব্যস্ত সমনীয়াৰ সৈতে খেল ধেমালিত৷ খেলৰ কোনো সীমা সংখ্যা নাই৷ কোনোবা কেইজনে যদি ধকুৱাৰ গাড়ীত উঠি উপভোগ কৰিছে চৰম আনন্দ৷ আন কেইজনমানে আকৌ চাইকেলৰ টায়াৰৰ গাড়ী চলাই সমনীয়াৰ সৈতে প্ৰতিযোগিতাত নামিছে৷

ক’ৰোনাৰ আতংকৰ মাজতো ৰচি টনা, কাবাডি, ধূলি মাটিৰে ভাত ৰন্ধা, দৰা-কইনা সাজি বিয়া পতা আদি খেল খেলিছে চেমনীয়া সৈতে৷ ফটা কাগজ অথবা গছ পাতৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছে সাজিঁ লোৱা দোকানখনৰ বিভিন্ন বয়-বস্তু৷ যিবোৰ খেল আজি তথাকথিত আধুনিক সমাজ আৰু নগৰাঞ্চলৰ বাবে প্ৰায় পাহৰণিৰ গৰ্ভত৷ একাংশ শিশুৱে নিজৰ ঘৰতে সাঁজিছে দোকান৷ শাক পাচলিকে ধৰি বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰি আপোন পাহৰা হৈ পৰিছে৷ এইদৰেই ক’ৰোনা মহামাৰীৰ এই আতংকৰ কালত বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ পৰা আঁতৰি থাকি ধনশিৰি মহকুমাৰ শিশুসকলে এনেদৰে ৰং-ধেমালি কৰি সময় পাৰ কৰা পৰিলক্ষিত হৈছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে