ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিৰপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে মোৱাবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব৷ এজন অচিনাকি ব্যক্তিয়ে বৃহৎ সংখ্যক আৰক্ষীৰ উপস্থিতি স্বত্বেও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷ এই লৈ বংগ চৰকাৰে সিদ্ধান্ত লৈছে যে ৰাজ্যিক সচিবালয় ‘নাবান্না’ত নিযুক্ত আৰক্ষীসকলক কৰ্তব্যৰত অৱস্থাত মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব।
এজন শীৰ্ষ বিষয়াই মঙলবাৰে এইকথা ব্যক্ত কৰি কয় যে, এজন অচিনাকি ব্যক্তিয়ে বৃহৎ সংখ্যক আৰক্ষীৰ উপস্থিতিতি স্বত্বেও মুখ্যমন্ত্ৰীৰ গৰাকীৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। বিষয়াজনে পিটিআইক কয়, “দেখা গৈছে যে কৰ্তব্যৰত আৰক্ষীসকল বেছিভাগ সময়তে ছ’চিয়েল নেটৱৰ্কিং ছাইটত ব্যস্ত থাকে, যাৰ ফলত তেওঁলোকৰ কামত বাধা আহে। ইয়াক প্ৰতিৰোধ কৰিবলৈ, আমি কৰ্তব্যৰত অৱস্থাত নিৰাপত্তা বিষয়াসকলৰ মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছো,” তেওঁ কয় যে আৰক্ষীসকলে ‘নাবান্না’ত তেওঁলোকৰ কৰ্তব্য আৰম্ভ কৰাৰ আগতে তেওঁলোকৰ মোবাইল ফোন জমা দিব লাগিব আৰু শ্বিফ্ট শেষ হোৱাৰ পিছত তেওঁলোকে এইবোৰ ফোন পুনৰ ঘূৰাই লাভ কৰিব৷
লগতে বিষয়াজন কয় যে, এইটো নাবান্নাৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰ এক পদক্ষেপ আৰু প্ৰতিটো শ্বিফ্টত মুখ্যমন্ত্ৰীৰ বাসগৃহত অধিক আৰক্ষী মোতায়েন কৰা হ’ব। আগতে, এটা শ্বিফ্টত ৭০ জন আৰক্ষী আছিল, কিন্তু এতিয়াৰ পৰা, ১৮ জন অতিৰিক্ত আৰক্ষী থাকিব নাবান্নাত।