মুকালমুৱাঃ এটিএম কাৰ্ড সলনি কৰি এগৰাক দৰিদ্ৰ লোকক লুটি নিলে নলবাৰী জিলাৰ মুকালমুৱাত। এটিএমত সাক্ষাৎ পোৱা অচিনাকি লোকক এটিএম কাৰ্ড দিয়াৰ পিছতে লুটি নিলে বেংকৰ একাউণ্টৰ জমা ধন। মুকালমুৱাৰ বৰধাপৰ জুৰান আলীৰ ইউকো বেংক কালাৰচৰ শাখাত থকা একাউণ্টৰ পৰা কৌশলেৰে লুটিলে প্ৰায় পঞ্চাশ হাজাৰ টকা। PMAY আচনিৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে দিয়া প্ৰথম কিস্তিৰ ধন সোমাইছিল জুৰান আলীৰ একাউণ্টত। চৰকাৰী গৃহ নিৰ্মাণৰ ধন উলিয়াবলৈ জুৰানে আহিছিল মুকালমুৱা থানাৰ সন্মুখত থকা SBI এটিলৈ। কিন্তু জুৰান আলীয়ে নাজানিছিল এটিএম কাৰ্ড ব্যৱহাৰ কৰিব। সেয়েহে এটিএমত লগ পোৱা অচিনাকি লোক এজনক দিছিল নিজৰ এটি এম কাৰ্ডসহ গোপন নম্বৰ। অসৎ প্ৰবৃত্তিৰ অচিনাকি লোকজনে মুহূৰ্ততে সলনি কৰি জুৰান আলীক এখন বিকল এটিএম কাৰ্ড দি আতৰি গৈছিল৷ এই ঘটনাৰ তিনিদিন পিছতহে ভুক্তভোগী জুৰানে বেংকত নিজৰ একাউণ্ট চেক কৰি জানিব পাৰিলে তেওঁৰ প্ৰায় পঞ্চাশ হাজাৰ টকা মোকোলাই নিয়া বুলি। ইয়াৰ উচিত তদন্ত কৰি অসৎ প্ৰবৃত্তিৰ লোকজনক কৰায়ত্ত কৰাৰ লগতে তেওঁৰ জমাধন উভতাই দিয়াৰ বাবে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জুৰান আলীয়ে।