সৰুপথাৰঃ ৯৪নং সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰপথাৰৰ পৰা বছাপথাৰ লৈ যোৱা পথটোৰ দুৰাৱস্থাই জীয়াতু ভুগাইছে ৰাইজক। দীৰ্ঘ সময়ৰ পৰা কংগ্ৰেছৰ শাসনত থকা সৰুপথাৰ সমষ্টিৰ এই পথটো এজাক বৰষুণতে বোকাময় হৈ পৰাত আহ-যাহৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হ’বলগা হয় ৰাইজে। ৰাইজে পথটো পুনৰ নিৰ্মাণৰ বাবে দাবী জনাই অহাৰ পিছতো আজিলৈ স্থানীয় বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।
এই পথটোৰ এনে দুৰাৱস্থাৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ নহ’লে স্থানীয় জনপ্ৰতিনিধি ৰ’জলীনা তিৰ্কিক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মন্তব্য কৰে ৰাইজে।