দেশৰ সাংবাদিকসকলৰ হকে কাম কৰা সাংবাদিক সংস্থা এছোচিয়েচন অৱ ইণ্ডিয়ান জাৰ্নালিষ্টৰ ৰাষ্ট্ৰীয় সমিতিয়ে লক্ষীমপুৰৰ ঢকুৱাখনাত জন্ম লাভ কৰা সাংবাদিক কিৰণ কুমাৰ গগৈক ৰাজ্যিক সভাপতি আৰু কামৰূপৰ চাংসাৰিত জন্ম লাভ কৰা সাংবাদিক পঙ্কজ নাথক মুখ্য সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে। নৱনিযুক্ত ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈ আৰু মুখ্য সাধাৰণ সম্পাদক পঙ্কজ নাথে ভাৰতবৰ্ষৰ বৃহত্তৰ সাংবাদিক সংগঠনটোৰ সৈতে যোগ হোৱাৰ আগ্ৰহী সংবাদ মাধ্যমৰ লোকসকলক ৭৬৬৪৮৭৯৮১৫ এই নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। সোনকালে এখন পূৰ্ণাংগ ৰাজ্যিক সমিতি গঠনৰ বাবে আগবাঢ়িব বুলি সংবাদ মাধ্যমক জনাইছে। ডিজিটেল মাধ্যম, ইলেক্ট্ৰনিক মাধ্যম আৰু প্ৰিণ্ট মিডিয়াৰ সকলো সাংবাদিকক প্ৰস্তাৱিত সমিতিত অন্তৰ্ভুক্ত কৰা হ’ব। সংস্থাটোৱে সামগ্ৰিকভাৱে সাংবাদিক ভ্ৰাতৃত্বৰ লাভালাভৰ বাবে কাম কৰিব। সংবাদ মাধ্যমৰ নৈতিকতা উলংঘন, সংবাদ মাধ্যমৰ স্বাধীনতা উলংঘনৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তাৰ বিষয়ে কঠোৰভাৱে নিৰীক্ষণ কৰাটোও এই সংস্থাটোৰ মুখ্য উদ্দেশ্য হব বুলি ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়ে সংবাদ মাধ্যমক এক বিবৃতি যোগে জানিবলৈ দিছে।