বিহালীঃ ৰাজ্যৰ সাহিত্যিক সকলৰ ভিতৰত অন্যতম এক নাম বিহালী সমষ্টিৰ বেদেতীৰ প্ৰচাৰবিমুখ কবি, গল্পকাৰ ঘন বৰুৱা। ১৯৭২ চনত শিক্ষকতাৰ দৰে মহান কৰ্মত নিয়োজিত হৈ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০০৭ চনত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। অসম সাহিত্য সভা, সদৌ অসম কবি মঞ্চ আৰু গুৱাহাটী পৰা প্ৰকাশিত ‘কল্পজুন’ৰ আজীৱন সদস্য ঘন বৰুৱাই বিশ্বনাথ জিলাৰ কবি সাহিত্যিকৰ বহু গ্ৰন্থ উন্মোচন কৰি গ্ৰন্থৰ বিষয়ে সুন্দৰ আলোকপাত দাঙি ধৰি সাহিত্যিক সকলক প্ৰেৰণা জগাই আহিছে।
সাহিত্যৰ প্ৰতি থকা তাড়নাৰ বাবে ঘন বৰুৱাই বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়ণ কৰি থকা সময়তেই ১৯৬৮ চনত বিহালীৰ প্ৰথমখন কম্পিউটাৰত মুদ্ৰিত কৰা আলোচনী ‘ৰূপজ্যোতি’ প্ৰকাশ কৰি বিহালীবাসী ৰাইজক সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। বেদেতীৰ পৰা প্ৰকাশ হোৱা ‘বেদৱতী’ আলোচনী খনৰ কেইবাটাও খণ্ড সম্পাদনা কৰিছে তেখেতে। আমাৰ অসম, নিয়মীয়া বাৰ্তা, এদিনৰ সংবাদ, জনসাধাৰণ, আজিৰ সংবাদ অগ্ৰদূত, বাৰ্তাপখিলী, আদি কাকত নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি আহিছে ।
বাস্তৱ জীৱনৰ কেতবোৰ সৰু সৰু ঘটনাক সহজ, সাৱলীল আৰু সংবেদনশীল প্ৰকাশ ভংগীয়ে তেওঁৰ সাহিত্যৰজীক অন্য এক মাত্ৰা প্ৰদান কৰে। বিহালী অঞ্চলৰ সাহিত্য চৰ্চা ক্ষেত্ৰখনত তেওঁৰ অৰিহণা অন্যন্য। তেওঁ আন এখন গ্ৰন্থ ‘ৰান্ধনী বেলিৰ ৰ’দ’ পূৰ্বায়ণ প্ৰকাশন, বিশ্বনাথ চাৰিআলি শাখাত প্ৰকাশৰ পথত, এই কথা জানিবলৈ দিয়ে পূৰ্বাঞ্চল প্ৰকাশন গোষ্ঠীৰ সঞ্চালক মানস জ্যোতি দাসে।