March 16, 2023, 12:05 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

এগৰাকী পুষ্টিহীনতা শিশুৰ দায়িত্ব ললে প্ৰমোদ বড়োৱেঃ পোষণ অভিযানৰ কেয়াৰ আঁচনি মুকলি

Reporter Name
  • Update Time : Monday, February 28, 2022
  • 122 Time View

কোকৰাঝাৰঃ কোকৰাঝাৰত থকা ৬৪৮ গৰাকী পুষ্টিহীনতাত ভোগা শিশুৰ ভিতৰত এগৰাকী শিশুৰ দায়িত্ব ললে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। কোকৰাঝাৰ জিলা প্ৰশাসন, সমাজকল্যাণ বিভাগ আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত আজি চান্দামাৰী আইটি পাৰ্কত পোষণ অভিযান সফল কৰি তুলিবলৈ কেয়াৰ আঁচনি মুকলি কৰি প্ৰমোদ বড়োৱে এগৰাকী পুষ্টিহীনতা শিশুক তুলি লোৱাৰ কথা ঘোষণা কৰিছে। কোকৰাঝাৰত সৰ্বমুঠ ৬৪৮গৰাকী পুষ্টিহীনতাত ভোগা লোক আছে আৰু উক্ত লোকসকলক পুষ্টিহীনতাৰ পৰা মুক্ত কৰিবলৈ হলে কোনোবা নহয় কোনোবাই তেওঁলোকক লালন-পালন (adopt) কৰিব লাগিব বুলি মন্তব্য কৰি ইয়াৰে এগৰাকী পুষ্টিহীনতাত ভোগা শিশুৰ দায়িত্ব লয় প্ৰমোদ বড়োৱে। পুষ্টিহীনতাত ভোগা আন শিশুসকলোকো বিষয়া-কৰ্মচাৰীসকলে পালন কৰিব লাগিব আৰু যেতিয়ালৈকে অৱস্থাৰ উন্নতি নহয় তেতিয়ালৈকে তেওঁলোকক চাব লাগিব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে সমাজৰ পৰা পুষ্টিহীনতা দুৰ কৰিবই লাগিব বুলি মন্তব্য কৰিছে। তদুপৰি পুষ্টিহীনতাত ভোগা লোকসকলক কাঠফুলা যোগান ধৰা হ’ব আৰু বিদ্যালয়ত অব্যাহত থকা খেলো ইণ্ডিয়া কাৰ্যসূচীত যোগদান কৰাই শিশুসকলৰ শাৰিৰীক আৰু বৌদ্ধিক বিকাশত গুৰুত্ব দিয়া হ’ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে এটা বছৰৰ ভিতৰতে পুষ্টিহীনতা সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে।

ইয়াৰোপৰি পুষ্টিহীনতা দুৰ কৰিবলৈ বিটিচি প্ৰশাসনৰ ফালৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্ঠম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলক মাশ্বৰূম বিস্কুটৰ যোগান ধৰা হ’ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। পোষণ অভিযানৰ সতে সংগতি ৰাখি আজি প্ৰমোদ বড়োৱে কোকৰাঝাৰ কেয়াৰ নামৰ আঁচনিৰ অধীনত ONAINI (মৰমৰ চিন) JWTHWN (যত্ন) নামৰ প্ৰকল্পও মুকলি কৰাৰ লগতে আজি চিৰাং জিলাত কাঠফুলা প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখ্য যে, আজিৰ অনুষ্ঠানত কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালি ডেকা, বিটিচিৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিটিচিৰ সচিব প্ৰধান অনুৰাগ গোৱেল আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বায়োটেকনোলজী বিভাগৰ ডীন ড০ সন্দীপ দাস উপস্থিত থাকে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে