ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে৷ বিৰোধী কংগ্ৰেছ দলে মুখ্য নিৰ্বাচনী আয়োগক শাসকীয় পক্ষৰ ৫টা ভোট বাতিল কৰাৰ দাবীত পত্ৰ প্ৰদান কৰিছিল৷ কিন্তু নিৰ্বাচন আয়োগে কংগ্ৰেছৰ অভিযোগ খাৰিজ কৰিছিল যদিও নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক পত্ৰৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হয় ৰাজ্যিক নিৰ্বাচন বিভাগ৷ প্ৰায় ৬ ঘণ্টা ধৰি নিৰ্বাচন আয়োগৰ পত্ৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছিল যদিও অৱশেষত ৰাজ্যিক নিৰ্বাচন বিভাগে সেউজ সংকেত পোৱাত ভোট গণনা আৰম্ভ হয়৷ কংগ্ৰেছৰ ভোট বাতিলৰ দাবীক প্ৰত্যাখান কৰাৰ পিছতো আয়োগৰ পত্ৰ নাপায় বোন্দাপৰ দি ৰৈ থাকিবলগীয়া হৈছিল ৰাজ্যিক নিৰ্বাচন আয়োগৰ লগতে সাংবাদিক, তথা বিভিন্ন ৰাজনৈতিক দলৰ লোকসকল৷ নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক পত্ৰৰ বাবে সকলোৱে অপেক্ষা কৰিছিল৷ কংগ্ৰেছে বেলট ৰাজহুৱা কৰাৰ অভিযোগ আনি কৰা দাবীক প্ৰত্যাখান কৰে নিৰ্বাচন আয়োগে৷ কংগ্ৰেছে মুখ্য নিৰ্বাচন আয়োগক দিছিল অভিযোগ৷ নিজ দলৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ লগতে বিপিএফৰ দুৰ্গা দাস বড়ো, বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামী, বিজেপিৰ সঞ্জয় কিষাণ, বিজেপিৰ গণেশ লিম্বু ভোট বাতিলৰ দাবী জনাইছিল৷ ভিডিঅ’ কনফাৰেন্স যোগে নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিছিল কংগ্ৰেছৰ অধিবক্তাই৷