চীনৰ এখন গাঁও৷ মহিলাৰ দীঘল চুলিৰ বাবে বিখ্যাত গাঁওখন৷ কেৱল কঁকাললৈকে নহয় ভৰিলৈ অহা চুলি মহিলাসকলৰ। এই গাঁওখন হৈছে হুৱাংলুও য়াও৷ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডতো লিপিবদ্ধ হৈছে হুৱাংলুও য়াও গাঁৱৰ নাম। মহিলাসকলে দীঘল চুলিৰ ৰহস্য বহুবাৰ প্ৰকাশ কৰিছে৷ দৰাচলতে মহিলাসকলে পাকঘৰত সহজে উপলব্ধ চাউলৰ পানীৰ বাহিৰে আন একো ব্যৱহাৰ নকৰে। চাউলৰ পানী কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই কথাও কৈ আহিছে৷ চুলি সৰা, দীঘল চুলিৰ বাবে থলুৱা চিকিৎসা কৰা হয়৷
হুৱাংলুও য়াও গাঁৱৰ মহিলাসকলে চুলি ধুবলৈ প্ৰতি চতুৰ্থ-পঞ্চম দিনত চাউলৰ পানী ব্যৱহাৰ কৰে। পানী প্ৰস্তুত কৰিবলৈ আঙুৰফলৰ বাকলি আৰু চাহ গছৰ বীজ কিণ্বিত চাউলৰ পানীত মিহলি কৰে আৰু উতলাই চেম্পু প্ৰস্তুত কৰে। কেমিকেলাইজড চেম্পুৰে চুলি ধোৱাৰ সলনি চাউলৰ পানীৰে ধুৱে। একে সময়তে, মহিলাসকলে কাঠৰ ফণী ব্যৱহাৰ কৰে, চুলিত প্লাষ্টিক ব্যৱহাৰ নকৰে।
একাপ চাউল আৰু একাপ তিচীৰ গুটি ৰাতি তিয়াই থয়। পিছদিনা চাউল আৰু তিচী খিনি চেঁচা কৰক আৰু পানী পৃথক কৰক। এতিয়া চাউল আৰু তিচী গুৰি কৰক আৰু পৃথকে ৰখা পানী মিহলি কৰি পেষ্ট পাতল কৰক। ব্ৰাছৰ সহায়ত এই মিশ্ৰণটো চুলিত প্ৰয়োগ কৰক আৰু তাৰ পিছত শেষত চুলি ধুৱক। আপোনাৰ চুলিত এক উজ্জ্বলতা দেখিব৷ চুলি স্পৰ্শ কৰিলে চুলি বোৰ যথেষ্ট কোমল (মসৃণ চুলি) অনুভৱ কৰিব।